২৭ জুনৰ পৰা গোলাঘাটত আৰম্ভ হ'ব পৱিত্ৰ ৰথযাত্ৰা...

হৰেকৃষ্ণ নামহট্ট সংঘ,গোলাঘাটৰ উদ্যোগত অহা ২৭ জুনৰ পৰা ৫ জুলাই ২০২৫ লৈ অনুষ্ঠিত হ'বলগা পৱিত্ৰ ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰিব ঢেকিয়াল মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গণেশ গোস্বামীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাটঃ  হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে গোলাঘাটত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা-২০২৫। হৰেকৃষ্ণ নামহট্ট সংঘ,গোলাঘাটৰ উদ্যোগত অহা ২৭ জুনৰ পৰা ৫ জুলাই ২০২৫ লৈ অনুষ্ঠিত হ'বলগা পৱিত্ৰ ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰিব ঢেকিয়াল মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গণেশ গোস্বামীয়ে।

ৰথযাত্ৰাক কেন্দ্ৰ কৰি সাজু হৈ উঠিছে সম্পূৰ্ণ কাঠেৰে নিৰ্মিত এভাগি অত্যাধিক কৰিকৰীসম্পন্ন ৰথ। ২৭ জুনৰ ৰথযাত্ৰাত মন্ত্ৰী অজন্তা নেওগ,মন্ত্ৰী অতুল বৰা,বিধায়ক মৃনাল শ‌‌ইকীয়া,বিধায়ক বিশ্বজিত ফুকন, বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী উপস্থিত থাকিব।

লগতে হৰেকৃষ্ণ নামহট্ট সংঘৰ ধৰ্মগুৰু আৰু গোলাঘাটৰ লগতে দেশ তথা ৰাজ্যৰ বহু ভক্তহো অনুষ্ঠানত উপস্থিত থাকিব। সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি আজি সুভাষ কলনীত এখনি সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিয়ে।

গোলাঘাট