/asomiyapratidin/media/media_files/2025/07/19/new-ap-web-5-11-2025-07-19-19-43-24.jpg)
ডিজিটেল সংবাদ গোলাঘাটঃ আইৰ মুখৰ ভাষাটোৰ চৰ্চা,উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্পৰে 'প্ৰণামো মাতৃভাষা'ৰ আন্তৰিক উদ্যোগত আজি গোলাঘাটত অনুষ্ঠিত হয় মাতৃভাষা সজাগতা সভা। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়,অসমীয়া জাতীয় বিদ্যালয় আৰু শঙ্কৰদেৱ শিশু নিকেতনৰ বিদ্যালয়সমূহক লৈ আৰম্ভ হোৱা অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ প্ৰেক্ষাগৃহত সুৱদি সুৰীয়া বিনন্দীয়া মাতৃভাষা সন্দৰ্ভত বিশদ আলোচনাৰ বাবে অনুষ্ঠিত সজাগতা সভাখনৰ সভাপতিত্ব কৰে 'প্ৰণামো মাতৃভাষা'ৰ সভাপতি তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ ৰমেশ চন্দ্ৰ ডেকাই।
গোলাঘাট জাতীয় বিদ্যালয়ৰ দেৱীকা গগৈৰ বৰগীত পৰিৱেশনৰ পিছত গোলাঘাট জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰাই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে 'প্ৰণামো মাতৃভাষা'ৰ সম্পাদক অভিজিত শৰ্মা বৰুৱাই। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব তথা প্ৰণামো মাতৃভাষাৰ আহ্বায়ক ড৹ নাৰায়ণ শৰ্মাই বিষয়বস্তু উপস্থাপন কৰি লক্ষ্য-উদ্দেশ্যসমূহ সন্দৰ্ভত আলোকপাত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-40-01.jpeg)
মাতৃভাষা মাধ্যমৰ প্ৰতি সজাগতা বৃদ্ধি, আত্মবিশ্বাস আৰু গৌৰৱ সহকাৰে মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণৰ বাবে সতি-সন্ততিক আগবঢ়াই দিবলৈ অনুপ্ৰাণিত কৰা, গ্ৰন্থ-আলোচনী-বাতৰি কাকতৰ নিয়মীয়া অধ্যয়নেৰে ভাষাটোৰ সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় পৰিৱেশ ৰচনা কৰা, ইংৰাজী মাধ্যমত পঢ়া শিক্ষাৰ্থীসকলকো ভাষা হিচাপে নিজৰ মাতৃভাষাটো আগ্ৰহেৰে অধ্যয়ন কৰিবলৈ উৎসাহিত কৰা,জনগোষ্ঠীয় ভাষাসমূহৰ লগত পৰিচিত কৰোৱা আদিকে ধৰি 'প্ৰণামো মাতৃভাষা'ই আইৰ মুখৰ ভাষাটোৰ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা আন্তৰিক উদ্যোগৰ ক্ষেত্ৰত সকলোৰে অভিভাৱকত্ব আৰু সহযোগিতাৰ কামনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-40-22.jpeg)
অসম প্ৰকাশন ভাৰতীৰ অধ্যক্ষ বিবেকানন্দ শৰ্মাই স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল-মন্দিৰৰ সিংহদুৱাৰ মাতৃভাষাৰ প্ৰতি অহা ভাবুকি আৰু এইসমূহ নিৰ্মূলৰ উপায় সন্দৰ্ভত আগবঢ়ায় তত্বগধুৰ মন্তব্য। ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যদা প্রদান কৰি অসমীয়া ভাষাৰ স্বকীয় পৰিচয়, ঐতিহ্য আৰু প্রাচীনতাক বিশ্ব দৰবাৰত সৱলভাবে প্রতিষ্ঠা কৰিলে যদিও একমাত্র ধ্রুপদী ভাষাৰ মৰ্যাদাই ভাষা এটাক জীয়াই নাৰাখে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-41-06.jpeg)
ভাষাটোৰ চৰ্চা নাথাকিলে এনে স্বীকৃতি এসময়ত অসাৰ প্ৰতিপন্ন হ'ব। নিজৰ ভাষাটো লিখা, কোৱাৰ লগতে সকলোৱে মাতৃভাষাটোৰ প্রতি সন্মান প্রদর্শন নকৰিলে, ভাষাটোক লৈ গৌৰৱবোধ কৰিবলৈ নিশিকিলে, সাহিত্য সৃষ্টি আৰু অধ্যয়নৰ নিৰবিচ্ছিন্ন প্রক্রিয়া চলাই নাৰাখিলে ধ্রুপদী ভাষাৰ প্ৰমাণ পত্ৰখনে অসমীয়া ভাষাকো জীয়াই নাৰাখিব।
শিক্ষা, সাহিত্য, সংস্কৃতি, অর্থনীতি, ব্যৱসায়-বাণিজ্য, চৰকাৰী কাম-কাজ সকলোতে ভাষাটোৰ চর্চা আৰু উত্তৰণৰ বাবে সকলোৱে অক্লান্ত প্রচেষ্টা চলাই যাব লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বহুকেইজন বক্তাই। এনে উদ্দেশ্য আগত ৰাখিয়েই সমগ্র ৰাজ্যজুৰি মাতৃভাষাৰ বাবে অধিক সজাগতা সৃষ্টিৰ বাবে আৰম্ভ হোৱা যাত্রাৰ ক্ষেত্ৰত সকলোৱে একমুখে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-41-32.jpeg)
গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ ডা: অজিত বৰুৱাই মাতৃভাষাৰ ৰক্ষাৰ এই যাত্ৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভা,সদৌ অসম ছাত্ৰ সন্থাৰ লগতে জাতীয় দল-সংগঠনসমূহৰ সৈতে আলোচনা কৰি একেলগে উদ্যোগ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষক তিতাৰাম দাসেও সমজুৱা একেষাৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায়।
অধ্যাপিকা শান্তিছায়া বৰুৱাই বিদ্যাভাৰতীৰ উদ্যোগত লৈ অহা কৰ্মসূচীৰ লগতে অসমীয়া মাধ্যমত অধ্যয়ন কৰি সৰ্বভাৰতীয় পৰ্যায়ত সফলতা অৰ্জনেৰে উজ্জ্বলি উঠা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্দৰ্ভত উদাহৰণসহকাৰে বক্তব্য আগবঢ়ায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ সত্যকাম বৰঠাকুৰ,বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জয়মতী নাৰ্জাৰিকে ধৰি বহুকেইজন বক্তাই বিষয়বস্তু সন্দৰ্ভত বিশদ বিশ্লেষণ আগবঢ়াই এই যাত্ৰাৰ জয়যাত্ৰা কামনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-41-52.jpeg)
সভাত মেৰাপানী জাতীয় বিদ্যালয়ৰ প্ৰতিভা গগৈৰ লোকগীতৰ অনুষ্ঠানে সকলোকে আপ্লুত কৰে। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা প্ৰণামো মাতৃভাষাৰ বিষয়ববীয়া প্ৰকাশ মহন্তই ভাষণ প্ৰসংগত অসমৰ সমাজ জীৱনলৈ গোলাঘাটৰ অৱদান সন্দৰ্ভত আলোকপাত কৰি গোলাঘাটৰ পৰাই মাতৃভাষা উত্তৰণ যাত্ৰা আৰম্ভ হোৱাটো অতি আশাব্যঞ্জক বুলি উল্লেখ কৰে।
নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা প্ৰণামো মাতৃভাষাৰ অন্যতম আহ্বায়ক ড৹ হিতেশ ডেকাই এই যাত্ৰাত সকলোৰে সহযোগিতা কামনা কৰে। তাৰোপৰি বহুকেইজন গন্য-মান্য ব্যক্তিয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰণামো মাতৃভাষাৰ উদ্যোগৰ শলাগ লয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/capture-2025-07-19-19-42-13.jpg)
সভাপতিৰ মন্তব্যত ড৹ ৰমেশ চন্দ্ৰ ডেকাই অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰ-সংৰক্ষণৰ ক্ষেত্ৰত আগত দিনত ল'বলগীয়া কাৰ্যসূচীত সকলোৰে সহযোগ কামনা কৰে। গোলাঘাট জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত মাতৃভাষাৰ সজাগতা সভাত ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিভিন্ন স্তৰৰ কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-42-54.jpeg)
উল্লেখযোগ্য যে,প্ৰণামো মাতৃভাষাৰ মাতৃভাষা সজাগতা সভা কাৰ্যসূচীত উল্লেখ কৰা ধৰণেই দিনৰ এঘাৰ বজাত আৰম্ভ হৈ বিয়লি দুই বজাত অন্ত পৰে।সময়ানুবৰ্তিতাৰ এই নিদৰ্শনে অভিভূত কৰে সকলোকে। আগন্তক দিনত অসমীয়া মাতৃভাষাৰ চৰ্চা, উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্পৰে বহুজন পুৰুধাৰ জন্মস্থান তথা জাতীয়তাবাদী ঠাই গোলাঘাটৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা সফলকাম হোৱাৰ কামনা কৰিছে সকলোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/19/golaghat-2025-07-19-19-42-35.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us