/asomiyapratidin/media/media_files/2024/12/16/ju1sK17lW4SZp1CMQnGA.jpg)
ডিজিটেল সংবাদ,গোলাঘাট: দেওবাৰে বিয়লি গোলাঘাটৰ ৰঙাজান নপমুৱা অঞ্চলৰ ধনশিৰি নদীৰ পাৰত বনভোজ খাবলৈ যোৱা দলে মাৰপিটৰ ঘটনাৰ লগতে গুলীচালনাৰ ঘটনাত জৰিত হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে। অভিযোগ অনুসৰি ব্যৱসায়ী সঞ্জীৱ গগৈসহ এটা গুণ্ডা বাহিনীয়ে সংঘটিত কৰে এই ঘটনা।
জানিব পৰা মতে, ধনশিৰি নদীৰ পাৰৰ কৃষি ফাৰ্মৰ স্বত্বাধিকাৰ আৰু শ্ৰমিকক মাৰপিট কৰি চিকিৎসাধীন কৰাৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ গগৈৰ বিৰুদ্ধে। সঞ্জীৱ গগৈসহ তেওঁৰ সতীৰ্থৰ এটা দলে ধনশিৰি নদীৰ পাৰত বনভোজ খাবলৈ গৈছিল। বনভোজ স্থলীৰ সমীপৰ কৃষি ফাৰ্মৰ স্বত্বাধিকাৰ সমীৰণ গোস্বামীসহ শ্ৰমিক ৱাহিদুৰ আলি,কাচিম আলি,জেভেদুৰ আলি,গুলনাহাৰ বেগম,মুজিদা খাটুনক মাৰপিট কৰাৰ অভিযোগ।
লগতে সঞ্জীৱ গগৈয়ে গুলী চালনা কৰাৰো অভিযোগ উত্থাপন কৰে ভুক্তভোগী কেইগৰাকীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সঞ্জীৱ গগৈক আটক কৰি অব্যাহত ৰাখিছে তদন্ত। ইপিনে আহতসকলে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। এই ঘটনাৰ পাছতে ৰঙাজান অঞ্চলৰ লগতে গোলাঘাটত উত্তেজনাই বিৰাজ কৰিছে।