Advertisment

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল গোলাঘাটঃ সজীৱ আই ই ডি উদ্ধাৰ...

আৰক্ষীৰ তৎপৰতাৰ বাবেই ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল গোলাঘাট জিলা। মঙ্গলবাৰে সন্ধিয়া আদিবাসী উগ্ৰপন্থী সংগঠন আপলাৰ দুই সদস্যই এটা সজীৱ IED ডিমাপুৰৰ পৰা গোলাঘাটৰ দিশে আনি থকা অৱস্থাতে গোলাঘাটৰ ৰঙাজান টোল গেটৰ সমীপত জব্দ কৰিছিল আৰক্ষীয়ে। 

author-image
Asomiya Pratidin
New Update
গোলাঘাট

ডিজিটেল সংবাদ, মেৰাপানীঃ আৰক্ষীৰ তৎপৰতাৰ বাবেই ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল গোলাঘাট জিলা। মঙ্গলবাৰে সন্ধিয়া আদিবাসী উগ্ৰপন্থী সংগঠন আপলাৰ দুই সদস্যই এটা সজীৱ IED ডিমাপুৰৰ পৰা গোলাঘাটৰ দিশে আনি থকা অৱস্থাতে গোলাঘাটৰ ৰঙাজান টোল গেটৰ সমীপত জব্দ কৰিছিল আৰক্ষীয়ে। 

Advertisment

চৰাইদেউ আৰক্ষী আৰু গোলাঘাট আৰক্ষীয়ে যৌথ অভিযান চলাই IED টোৰ সৈতে দুই উগ্ৰপন্থী সদস্য অজয় শ্যাম আৰু টিকেন কুৰ্মীক গ্ৰেপ্তাৰ কৰিছিল। আৰু ইয়াৰ পাছতে গোলাঘাট আৰক্ষীৰ এটা বৃহৎ দলে নিশাই আপলা সদস্য টিকেন কুৰ্মীৰ মেৰাপানীৰ মিলনপুৰস্থিত বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে এটা চিংগল বেৰেল ৰাইফলৰ লগতে সামৰিক পোচাক।

উল্লেখযোগ্য যে, শেহতীয়াকৈ আদিবাসী উগ্ৰপন্থী সংগঠন আপলাই সমূহীয়া ভাৱে অস্ত্ৰ সম্বৰণ কৰাৰ পাছতো কূটাঘাটমূলক কামকাজ অৱ্যাহত  ৰখা কাৰ্য্যই বিশেষ তাৎপৰ্য বহন কৰিছে। গোলাঘাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে।

 

গোলাঘাট