/asomiyapratidin/media/media_files/2025/03/25/aELmoLi25BwqVCczXjzI.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ জামুগুৰি আৰক্ষীথানাৰ অধীনৰ নোগোৰা গাঁৱৰ যুৱ কৃষক সঞ্জীৱ দত্ত (৪৭) ৰ হত্যাকাৰীক কালি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিশাই স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি আদালতত হাজিৰ কৰায় আৰু আদালতে হত্যাকাৰী প্ৰাঞ্জল শইকীয়াক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
ইফালে সঞ্জীৱৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে ৷ জনপ্ৰিয় যুৱ কৃষক সঞ্জীৱৰ মৃতদেহ ঘৰলৈ অহাৰ লগেলগে জামুগুৰি এলেকাৰ শশলোক তেওঁৰ ঘৰত উপস্থিত হয় ৷ মৃতদেহটো চাবলৈ আৰক্ষীৰ লোক বহুসময় উপস্থিত নোহোৱাৰ বাবে এক চেপা উত্তেজনাৰ সৃষ্টি হয় ৷ আৰু ৰাইজে মৃতদেহটো থানালৈ লৈ যোৱাৰ বাবে উদ্যৎ হোৱাৰ সময়তে আৰক্ষীৰ লোক উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্তনলৈ আহে ৷
উল্লেখ্য যে অঞ্চলটোৰ পৰিশ্ৰমি যুৱকৃষক সঞ্জীৱ দত্তই দেওবাৰে বিয়লি বেলা তেওঁৰ মলাহনিটুপৰ কৃষিক্ষেত্ৰলৈ বাইকেৰে গৈ থাকোতে জামুগুৰি ৰেল ষ্টেশ্যনৰ পিছফালে পথৰ কাষত ৰক্তাক্ত অৱস্থা দেখি স্হানীয় লোকে ঘৰৰ আত্মীয়ক খৱৰ দিয়াত তেওঁক। মুৰ্মুষ অৱস্থাত লগেলগে যোৰহাটলৈ নিয়া হয় ৷ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰি সোমবাৰে মৃতদেটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে ৷
ইফালে অঞ্চলটোৰ অতি জনপ্ৰিয় যুৱকৃষক সঞ্জীৱৰ হত্যাকাৰী কালুজান গাঁৱৰ প্ৰাঞ্জল শইকীয়াক কালি নিশাই গ্ৰেপ্তাৰ কৰি আজি জিললৈ পঠালে যদিও আৰক্ষীৰ ভূমিকাক পৰিয়ালৰ লোক আৰু ৰাইজে সহজে লবপৰা নাই ৷ আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্তৰ নামত একো নকৰাৰ বাবে আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে ৷ প্ৰথম অৱস্থাত সঞ্জীৱৰ বাইক দুৰ্ঘটনা হৈছেবুলি এক চক্ৰই প্ৰচাৰ কৰিছল যদিও কোনোএটা খুত নথকা AS05 M 9128 নং গ্লেমাৰ বাইক খন পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে ৷
ঘটনাৰ এদিনৰ পিছতো আৰক্ষীয়ে ঘটনাস্থলীলৈ নোযোৱা ৷ মৃত সঞ্জীৱৰ ম’বাইলটো পৰীক্ষা নকৰাকে ধৰি প্ৰাথমিক তদন্তও নকৰাত আৰক্ষীৰ ভূমিকাকলৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে ৷ মুৰ্মুষ অৱস্থাত সঞ্জীৱক চিকিৎসালয়লৈ নিথকাৰ পথত বাবেবাৰে তেজবমি কৰা; মুৰৰ পিছফালে গভীৰ আঘাট , চকু উখহি থকা আৰু ডিঙিটো ভঙা অৱস্থাত থকা তথা শৰীৰৰ বিভিন্ন ঠাইত আঘাটৰ প্ৰতি লক্ষৰাখি ই যে এক হত্যাকাণ্ড সেইয়া সহজে অনুমেয় বুলি পৰিয়ালৰ লোকৰ লগতে ৰাইজে মন্তব্য কৰিছে ৷
ইফালে জুৱা , মদ আদি অসামাজিক কামকাজৰ সৈতে জড়িত হত্যাকাৰী প্ৰাঞ্জলৰ জামুগুৰি থানাৰ লগত থকা মিতিৰালিৰ বাবেই আৰক্ষীয়ে নৃশংস হত্যাকাণ্ডৰ দৰে ঘটনাক গুৰুত্ব নিদি আজি আদালতৰ পৰা নিজৰ জিম্মাত নোলাৱাৰ বাবে ৰাইজৰ মাজত সৰৱ আলোচনা চলিছে ৷ আৰক্ষীৰ কৌশলী ভূমিকাৰ বাবেই দোষীয়ে শাস্তি পোৱাৰ পৰা ৰেহাই পোৱাৰ লগতে যদি ঘটনাত অন্যলোকও জড়িত আছিল সেইবোৰও পোহৰলৈ নাহিব বুলি বিভিন্ন মহলে মন্তব্য কৰিছে ৷