গেলাবিলৰ মৰেল পুলিচিং ঘটনাৰে জড়িত আন এজনক গ্রেপ্তাৰ

নিশা আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে কৃপাল বৰাক। ইফালে বৰ্তমানেও ঘটনাৰ মূল অভিযুক্ত শশাংক শ্রেষ্ঠ আৰু ৰঞ্জিত শ্রেষ্ঠক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাটঃবৰপথাৰ থানাৰ অন্তর্গত গেলাবিলত সংঘটিত হোৱা মৰেল পুলিচিং ঘটনাৰে জড়িত আন এজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তজন কৃপাল বৰা বুলি জানিব পৰা গৈছে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, নিশা আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে কৃপাল বৰাক। ইফালে বৰ্তমানেও ঘটনাৰ মূল অভিযুক্ত শশাংক শ্রেষ্ঠ আৰু ৰঞ্জিত শ্রেষ্ঠক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। 

উল্লেখ্য যে, গেলাবিলত চুৰিৰ অভিযোগত দুই নাবালকক মাৰপিট কৰি শৰীৰত নিমখ, ভোট জলকীয়া লগাই নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে সৰুপথাৰ সম জিলাৰ আছু কৰ্মী শশাংক শ্ৰেষ্ঠ আৰু তেওঁৰ ভাতৃ তথা বিজেপি বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ আৰু ৰণজিৎ শ্ৰেষ্ঠৰ বিৰুদ্ধে ।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ঘটনাৰ সমগ্ৰ দৃশ্য। লগে লগে বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠক বিজেপিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া লগতে অভিযুক্ত শশাংক শ্ৰেষ্ঠকো আছুৰ পৰা অব্যাহতি দিয়ে।

মৰেল পুলিচিং