/asomiyapratidin/media/media_files/2025/05/14/C2uRAoVXTLBWmG6n8RG2.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ নাগালেণ্ডৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন ৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণ বিসৰ্জন দিছিল শৰৎ (লুকু) গগৈয়ে। বি এছ এফত চাকৰি কৰা বীৰ জোৱানজনে ২০২৩ চনত নাগালেণ্ডৰ এটা পথেদি গাড়ী চলাই গৈ থাকোতে তীব্ৰবেগী গাড়ীখনৰ সন্মুখলৈ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহে ৷
আসন্ন দুৰ্ঘটনাত ছাত্ৰ-ছাত্ৰী কেইটি মৃত্যু হোৱাতকৈ তেওঁ নিজেই গাড়ীখন পাহাৰৰ দাতিলৈ লৈ যায় ফলত গাড়ীসহ তেওঁ দুৰ্ঘটনাগ্ৰস্ত হয়। এই ঘটনাত শৰৎ গগৈৰ মৃত্যু হয় ৷ নিজেই প্ৰাণ আহুতি দি কণমানি শিশু কেইটাৰ জীৱন ৰক্ষা কৰা জোৱানগৰাকীলৈ বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰে পৰিয়ালে ৷
গোলাঘাট জিলাৰ চেতিয়া গাঁৱৰ শ্বহীদ গৰাকীৰ বাসভৱনত পৰিয়ালে নিৰ্মাণ কৰিলে এটি আৱক্ষ মূৰ্তি। আটকধুনীয়াকৈ নিৰ্মাণ কৰা আৱক্ষ মূৰ্তিটো আজি উন্মোচন কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। আৱক্ষ মূৰ্তি উন্মোচন কৰি শ্বহীদ গৰাকীৰ দেশপ্ৰেমৰ কথা সোঁৱৰাৰ লগতে পৰিয়ালৰ মহানুভৱতাৰ শলাগ লয় বিধায়ক শইকীয়াই। ইফালে অমৰ শ্বহীদ গৰাকীৰ স্মৃতি জীয়াই ৰাখিবলৈ পৰিয়ালটিয়ে লোৱা এনে পদক্ষেপক প্ৰশংসাৰে উপচাই তুলিছে সকলোৱে।