/asomiyapratidin/media/media_files/2024/12/16/eCLPkZaiitqXd4I9BtPH.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ গোলাঘাটৰ মক্ৰং চাহ বাগিচাৰ কলঘৰৰ ওপৰৰ পৰা পৰি নিহত হোৱা পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ ঘোষণা কৰিছে সংশ্লিষ্ট বাগিচাৰ কৰ্তৃপক্ষই ৷ উল্লেখ্য যে ১৩ ডিচেম্বৰ দিনা কলঘৰৰ ওপৰত কাম কৰি থকা অৱস্থাত ঈদ মহমদ হুছেইন নামৰ শ্ৰমিকজনৰ আকস্মিকভাৱে কলঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু হৈছিল৷
নিহত শ্ৰমিকজনৰ আত্মাৰ সদগতি অৰ্থে আজি মক্ৰং চাহ বাগিচাৰ খেলপথাৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বাগিচাখনৰ কৰ্তৃপক্ষ,বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকসকলে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত বাগিচা কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ যোগেদি আইন অনুযায়ী নিহত শ্ৰমিকজনৰ ক্ষতিপূৰণ,মৃত শ্ৰমিকজনৰ অৱশিষ্ট ২৫ বছৰ চাকৰিকাল কাম নকৰিলেও তেখেতৰ পত্নীৰ নামত স্থায়ী শ্ৰমিকৰ যিখিনি সা-সুবিধা দৰমহা, ৰেচন, বনাচৰ লগতে পাবলগীয়া সকলো ধৰণৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে ৷ তাৰোপৰি পিতৃ-মাতৃ ভৰণ-পোষণ আৰু নাবালক সন্তান কেইটিৰ পঢ়া-শুনাৰ সকলো খৰচ-বহন,মৃতকৰ স্থানত পৰিয়ালৰ এজন সদস্যক সংস্থাপন দিব বুলিও ঘোষণা কৰে ৷