/asomiyapratidin/media/media_files/2025/05/13/KMKxkI64t7IcgOXBX6hO.jpg)
গোলাঘাটত বিজেপিৰ জয়জয়কাৰ
ডিজিটেল সংবাদ, গোলাঘাটঃ সোমবাৰে পুৱাহে সমাপ্ত হয় গোলাঘাট আৰু খুমটাই বিধান সভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত চলা ভোট গণনাৰ ঘোষিত ফলাফল অনুসৰি গোলাঘাট বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ আসন বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰে। গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ টা জিলা পৰিষদৰ সমষ্টিৰ তৰাণি জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী বসন্ত চুতীয়া, ৰতনপুৰ জিলা পৰিষদত বিজেপিৰ শেৱালী বসুমতাৰী, ৱাটিং জিলা পৰিষদত বিজেপিৰ ৰ প্ৰাৰ্থী ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁই আৰু আঠখেলীয়া জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী পিংকী মাহাৰ জয়ী হয়।
একেদৰে, খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ৪ টা জিলা পৰিষদ সমষ্টিৰ মৰঙি জিলা পৰিষদত বিজেপিৰ জুমনি বৰুৱা ফুকন, নামবৰ জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী ৰুপজ্যোতি দত্ত, খুমটাই জিলা পৰিষদ সমষ্টিত বিজেপিৰ মুনীন্দ্ৰ মোহন গগৈ আৰু মিছামৰা জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পৰাগ বৰা জয়ী হয়।
ইফালে, গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত ১৯ গৰাকী বিজেপিৰ, ২ গৰাকী অগপৰ আৰু ১ গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হয়। বিজেপিয়ে লাভ কৰা আঞ্চলিক পঞ্চায়ত সমূহ হৈছে চাউদাঙ পথাৰ, ৰতনপুৰ, পুলিবৰ ,আঠখেলীয়া, আদৰ্শ গমাৰি, ৱাটিং,মক্ৰং, অৰুণাচল, দৈয়াং, বেঙেনাখোৱা,তৰাণি , সীমান্ত, ফৰকাটিং, বালিজান, বেকাজান (ক), বেকাজান(খ) , জামুগুৰি, চিচুপানী, সৰুপানী । অগপই লাভ কৰা দুখন আঞ্চলিক পঞ্চায়তৰ সদস্য হৈছে ঘিলাধাৰী, মাটিখোলা আঞ্চলিক পঞ্চায়ত। উল্লেখযোগ্য যে, কংগ্ৰেছ দলে মাত্ৰ এখন আঞ্চলিক পঞ্চায়তহে লাভ কৰিবলৈ সক্ষম হৈছে। মাটিখোলা আঞ্চলিক পঞ্চায়তত শেষ হাঁহি মাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। ইফালে, আদৰ্শ গমাৰি আঞ্চলিক পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থী গৰাকী বিজয়ী হয়।
আনহাতে খুমটাই বিধানসভা সমষ্টিৰ আঞ্চলিক পঞ্চায়ত সমূহৰ ফুলবাৰী, কচুপথাৰ ,পংকা গাওঁ ,ৰংদৈ গাওঁ ,মধ্য মিচামৰা ,ফলঙনী, শাওতলী, পশ্চিম মিছামৰা, শেনচোৱা, পূৱ মিচামৰা, ঢেকিয়াল, বেতিয়নী, হাবিচোৱা, ৰংবং গাওঁ, দৈগ্ৰোং, লেটেকুজান আৰু মৰফুলনী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। ইফালে, মৰঙী, খুমটাই আৰু কঠালগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ প্ৰাৰ্থী আৰু ৰঙাজান আৰু পূৱ মৰঙি আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয়। উল্লেখযোগ্য যে, বিধান সভা সমষ্টি দুটাৰ গৰিষ্ঠসংখ্যক সদস্য বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে সকলো পঞ্চায়তে বিজেপিৰ দখলত থাকিব।