শাৰীৰিক প্ৰত্যাহ্বানক নেওচি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে বিকাশ শৰ্মাই...

আজিৰ দিনটোত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত বিকাশ শৰ্মাক এজন সক্ৰিয় সাংবাদিক হিচাপে সকলোৱে জানে...

author-image
Asomiya Pratidin
New Update
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে বিকাশ শৰ্মাই...

ডিজিটেল সংবাদ, গোলাঘাটঃ "শাৰীৰিক প্ৰত্যাহ্বান গ্ৰহণ কৰিও সক্ৰিয় সাংবাদিকতাৰে সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বিকাশ শৰ্মাই এক আদৰ্শ দাঙি ধৰিছে। হাজাৰ প্ৰলোভন নেওচি, ভয় ভাবুকিৰেও নিজ লক্ষৰ পৰা বিচলিত নোহোৱা বিকাশ শৰ্মাৰ ব্যক্তিত্বৰ অনুৰাগীসকলৰ উপস্থিতিয়ে ইয়াকেই প্ৰতিফলিত কৰে।" শনিবাৰে জ্যেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মাৰ ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত এই মন্তব্য অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ।

Advertisment

তেওঁ লগতে কয় যে, বিকাশ শৰ্মাৰ জীৱনৰ প্ৰতিটো দিনৰ চলি থকা সংঘৰ্ষ আনহাতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ সাংবাদিক হৈ থকা যি চেতনা এই চেতনাক সঞ্জীৱিত কৰি ৰখাৰ উদ্দেশ্যে শয্যাশায়ী হৈ থকাৰ অৱস্থাটো কালি বিকাশ শৰ্মাই প্ৰেৰণ কৰা বাতৰি আজি অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে। আমি বিগত ৪ বছৰৰ পৰা বিকাশ শৰ্মাক তেনেদৰে এজন সক্ৰিয় সংবাদিক হিচাপে ৰাখিবলৈ যিমান পাৰি চেষ্টা কৰিছো। আজিৰ দিনটোত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত বিকাশ শৰ্মাক এজন সক্ৰিয় সাংবাদিক হিচাপে সকলোৱে জানে।

গোলাঘাট জিলা সাংবাদিক সংস্থাই গোলাঘাটৰ আমোলাপট্টিস্থিত বিকাশ শৰ্মাৰ বাসগৃহত আয়োজন কৰা ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত গোলাঘাটবাসীয়ে বিকাশ শৰ্মাক শ্ৰদ্ধা মৰমেৰে উপচাই পেলায়। জিলাখনৰ প্ৰতিটো কোণৰ পৰাই বিভিন্ন দল সংগঠন আৰু শুভাকাংক্ষীৰ আগমনেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সভাপতিত্বত কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে আৰু সকলোকে আদৰণি জনায় সাধাৰণ সম্পাদক গিৰীন বৰাই।

সভাত বৰ্ষীয়ান সাংবাদিক তথা ধনশিৰি কাকতৰ স্বত্বাধিকাৰ অপূৰ্ব কুমাৰ বৰুৱা, বিশিষ্ট নিবন্ধকাৰ ডা৹ অজিত বৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলেশ্বৰ তামুলী, ড৹ পুতুল শইকীয়া, বিশিষ্ট নিবন্ধকাৰ হীৰেন গগৈ আদিয়েও বিকাশ শৰ্মাৰ কৰ্মৰাজি আৰু সান্নিধ্যৰ বিষয়ে দুআষাৰ বিবৰি কয়।

সাংবাদিকগৰাকীক জিলা সাংবাদিক সংস্থা, গোলাঘাট পৌৰসভা, জিলা ক্ৰীড়াসন্থা, বোকাখাতৰ সাংবাদিক মহল, জীপাল কৃষক শ্ৰমিক সন্থা, মৰঙী প্ৰেছ ক্লাব, খুমটাই প্ৰেছ ক্লাব, গোলাঘাট মাৰোৱাৰী সন্মিলন, টাই আহোম যুৱ পৰিষদ, সন্মিলিত মটৰ পৰিবহন সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা,গোলাঘাট শাখা সাহিত্য সভা, গোলাঘাট জাতীয় বিদ্যালয়ৰ লগতে ডেৰ শতাধিক দল সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্দ্ধনা গ্ৰহণ কৰি বিকাশ শৰ্মাই আজিৰ দিনটো তেওঁৰ জীৱনৰ স্মৰণীয় দিন বুলি উল্লেখ কৰাৰ লগতে সকলোকে ধন্যবাদ জনায়।

Also Read: "তাঁতশালখনৰ প্ৰকৃত প্ৰয়োগে নিবনুৱা সমস্যা ৰোধত ব্যাপক ভূমিকা ল'ব"- ৰঙালীৰ মঞ্চৰ পৰা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ আহ্বান

bikash sarma