/asomiyapratidin/media/media_files/2024/12/01/sbmK00xDkQZP3ZjZsspM.jpg)
ডিজিটেল সংবাদ,গোলাঘাট: কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ (JJM) পৰা ৰাইজ প্ৰকৃততে উপকৃত হৈছে নে? নে বিশুদ্ধ পানী যোগানৰ নামত প্ৰহসনত পৰিণত হ'ব এই আঁচনিখন। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই আঁচনিৰ কাম পুঁজিৰ অভাৱত স্থবিৰ হৈ পৰিছে। ইফালে বহু আঁচনি সম্পূৰ্ণ কৰি পৰিচালনা সমিতিক চমজাই দিয়াৰ পাছত বিভিন্ন কাৰণত পানী যোগান বন্ধ হৈ থকাৰ অভিযোগ উথাপন হৈছে।
কেইবাখনো আঁচনি কিছু দিন পানী যোগান ধৰাৰ পাছত বিদ্যুতৰ বিল আদায় দিব নোৱাৰাৰ বাবে পানী যোগান বন্ধ হৈ পৰাৰো অভিযোগ উত্থাপন হৈছে। ঠিক তেনেদৰে জলমিত্ৰ হিচাপে নিযুক্তি দিয়া সকলৰ অভাৱ অভিযোগ পূৰণ নকৰাৰ অভিযোগো উত্থাপন হৈছে। ইপিনে জল জীৱন মিছনৰ মিছন সঞ্চালক কৈলাশ কাৰ্থিকে চিঠি No.555519/2 মৰ্মে বিগত ৩ অক্টোবৰত জাৰি কৰা নিৰ্দেশৰ পাছতে হাহাকাৰ সৃষ্টি হয়।
সংশ্লিষ্ট বিষয়া সকললৈ কাম বন্ধ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰে। এই নিৰ্দেশৰ পাছতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।কিয় বিভাগে কাম বন্ধৰ নিৰ্দেশ দিব লগা হ'ল! প্ৰকৃততে চৰকাৰী ৰাজভঁৰাল উদং নেকি? নে ৰাজ্য চৰকাৰে আগবঢ়াব লগীয়া সামান্য পৰিমাণৰ পুঁজি যোগান ধৰিব নোৱাৰাৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে।
ইফালে গোলাঘাট সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত আঁচনিৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰা হৈছে। সেই অনুসৰি গোলাঘাট সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সৰ্বমুঠ ৭৯১ খন আঁচনি ৰূপায়ণৰ কাম হাতত লৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে। ইয়াৰে গোলাঘাট উপ সংমণ্ডলৰ অধীনত ৩৮৮ খন আঁচনিৰ ভিতৰত ৩২৬ খন সম্পূৰ্ণ হোৱাৰ লগতে ৩১১খন ইতিমধ্যে পৰিচালনা সমিতি সমূহক চমজাই দিয়া হৈছে।
ঠিক তেনেদৰে সৰুপথাৰ উপ সংমণ্ডলৰ মণ্ডলৰ অধীনত ধাৰ্য কৰা হৈছিল মুঠ ৪০৩ খন আঁচনিৰ কাম। ইয়াৰে ২৮০খন সম্পূৰ্ণ হোৱাৰ উপৰিও মুঠ ২৫৫ খন আঁচনি পৰিচালনা সমিতি সমূহক চমজাই দিয়া হয়। ইফালে এই দুয়োটা মণ্ডলৰ অধীনত মুঠ ৫১খন চাহ বাগিছাত মুঠ ৬৭ খন আঁচনিৰ কাম হাতত লয়। ইয়াৰে ৬১খন আঁচনিৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি বিভাগীয় তথ্যত প্ৰকাশ।এতিয়া প্ৰশ্ন উত্থাপন হৈছে গোলাঘাট জিলাত সম্পূৰ্ণ হোৱা আঁচনি সমূহ কাৰ্যক্ষম হ'ব নে ? অথবা বৰ্তমান পানী যোগান ধৰি থকা আঁচনি কেইখনো উপযুক্ত পৰিচালনাৰ অভাৱত বন্ধ হৈ পৰিব নেকি?