/asomiyapratidin/media/media_files/2024/12/05/SfxhtGSRMD06PD4sdXsa.jpg)
ডিজিটেল সংবাদ,গোলাঘাট: শিৱসাগৰৰ পিছত গোলাঘাটত জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰাৰ অভিযোগ অনা-অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি বিগত ৩ দিন ধৰি উত্তপ্ত হৈ আছে গোলাঘাট নগৰৰ পৰিস্থিতি। আলু ব্যৱসায়ী অমিতাভ চাহু আৰু অভিশেষ চাহুৱে জাতীয় সংগ্ৰামী সেনাৰ নেতা মানৱ গগৈক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালকৈ মানৱ গগৈৰ নেতৃত্বত যোৱা এটা দলে নিশা ৰাজপথত খেদি খেদি ব্যৱসায়ীক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।
এই দুয়োপক্ষৰ মাজত মাৰপিট হোৱা ঘটনাৰ চিচিটিভিৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত চৰ্চিত। ইফালে জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে ডকাইতিত নমাৰ অভিযোগ ব্যৱসায়ী অভিষেক চাহুৰ পত্নী চিম্পি দাসৰ। জাতীয় সংগ্ৰামী সেনাৰ নেতা মানৱ গগৈক 'আপুনি জাতীয় সংগঠনৰ নামত ডকাইতি কৰিছে নেকি বুলি প্ৰশ্ন' ব্যৱসায়ী অভিষেক চাহুৰ পত্নীৰ।
উল্লেখ্য যে ১ ডিচেম্বৰৰ নিশা গোলাঘাটৰ এৰেঙ্গাপাৰাত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। মাৰপিটৰ ঘটনাৰ পাছতে দুয়োপক্ষই আৰক্ষীৰ কাষ চাপিছিল। গোলাঘাট আৰক্ষী থানাত উক্ত ঘটনাৰ বাবে নিজেই জগৰীয়া বুলি উল্লেখ কৰি মানৱ গগৈয়ে। লগতে লিখি দিছিল মাফিনামা।নিশা দাবী ধমকি দি আলু আনিবলৈ গৈছিল মানৱ গগৈ।
দাবী কৰা সামগ্ৰী দিবলৈ অমান্তি হোৱাত দুই ব্যৱসায়িক মাৰপিট কৰিছিল মানৱ গগৈয়ে। এই অভিযোগ চিম্পি দাসৰ। মানৱ গগৈয়ে থানাত ভুল স্বীকাৰ কৰাৰ পাছতে ব্যৱসায়িক ধন দাবী কৰা আৰু মাৰপিট কৰাৰ অভিযোগত গোলাঘাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰিছিল চেম্বাৰ অফ কমাৰ্চে। ইফালে বন্ধ ঘোষণা কৰাৰ দিনাই জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ বন্ধ প্ৰত্যাহাৰ কৰিছিল চেম্বাৰ অফ কমাৰ্চে।
এই ঘটনাক লৈ জাতীয় সংগঠনে দুই ব্যৱসায়ী অভিষেক চাহু আৰু অমিতাভ চাহুক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায়। ৫ ডিচেম্বৰৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে ৬ ডিচেম্বৰত গোলাঘাট বন্ধৰ ঘোষণাও কৰে।কিন্তু কাইলৈ অৰ্থাৎ শুকুৰবাৰে প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হোৱাৰ আশ্বাস প্ৰদানৰ পাছতে গোলাঘাট বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে জাতীয় সংগঠনটোৱে।
ইফালে গোলাঘাটৰ ব্যৱসায়ী আৰু জাতীয় সংগঠনৰ মাজত সংঘটিত এই ঘটনাৰ পাছতে বিভিন্ন মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। চান্দা সংস্কৃতিৰ বাবেই সঘনাই ব্যৱসায়ী আৰু একাংশ জাতীয় সংগঠনৰ নেতাৰ সৈতে সৃষ্টি হয় নেকি সংঘাত ? একাংশই সংগঠন কৰাৰ নামত ব্যৱসায়ী সকলক যেতিয়াই তেতিয়াই অযথা ধন দাবী কৰে নেকি? বাৰে বাৰে জাতীয় সংগঠনৰ নেতাক কিয় টাৰ্গেত হিচাপে লয় একাংশ ব্যৱসায়ীয়ে?
এনেবোৰ প্ৰশ্নই গোলাঘাটৰ সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ গোলাঘাটত ব্যৱসায়ী আৰু জাতীয় সংগঠনৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ জিলা প্ৰশাসনে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰো অভিযোগ উত্থাপন হৈছে। এই সমস্যাৰ শীঘ্ৰে সমাধান বিচাৰিছে গোলাঘাটবাসীয়ে। এতিয়া প্ৰশ্ন হয় জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে লৈ শান্তি স্থাপন কৰাত সহযোগিতা আগবঢ়াব নে?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us