গৰুক বেজি দি বিপদত মন্ত্ৰী অতুল বৰাঃ কৃষক মুক্তিৰ এজাহাৰ দাখিল...

গৰুক বেজি দি বিপদত মন্ত্ৰী অতুল বৰাঃ কৃষক মুক্তিৰ এজাহাৰ দাখিল...

author-image
Asomiya Pratidin
New Update
গৰুক বেজি দি বিপদত মন্ত্ৰী অতুল বৰাঃ কৃষক মুক্তিৰ এজাহাৰ দাখিল...

ডিজিটেল সংবাদঃ গোলাঘাট আৰক্ষী থানাত কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৃষক মুক্তিৰ গোলাঘাট জিলা সমিতিয়ে। জানিব পৰা মতে, মন্ত্ৰী গৰাকীয়ে গৰুক বেজি দিয়াৰ ফ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি।

Advertisment

উল্লেখ্য যে, পশুপালন মন্ত্ৰী অতুল‌ বৰাৰ এখন ফ’টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ ভাইৰেল হৈ পৰা এই ফ’টোখন লৈ সামাজিক মাধ্যমত বিভিন্নজনে‌ ভিন্ন প্ৰতিক্ৰিয়া দিয়া পৰিলক্ষিত হৈছে ৷

ফ’টোখনত পশু চিকিৎসকৰ সাজ পিন্ধি এটা গৰুক মন্ত্ৰী বৰাই বেজী দি‌ থকা অৱস্থাত দেখা গৈছে ৷ অতুল‌ বৰাৰ এই কামৰ‌ বাবে কোনোবাই তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। আন কোনোবাই আকৌ এই কামৰ বাবে মন্ত্ৰীগৰাকীক সমালোচনা কৰিছে।

Also Read: আজি অসমলৈ আহিব কংগ্রেছ নেতা জীতেন্দ্র সিং

ATUL BORA