/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/nreesdddss.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ ভক্স পপুলী, গোলাঘাটৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক, বিক্ৰেতা সন্থা আৰু বিভিন্ন দল-সংগঠনৰ যৌথ সহযোগত অহা শনিবাৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে গোলাঘাট চহৰৰ সমন্বয় পথাৰত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা-২০১৮ আয়োজন কৰা হৈছে। বৃহস্পতি বাৰে আয়োজক সমিতিয়ে এক সংবাদ মেলত কয় যে, এই সাহিত্য আৰু গ্ৰন্থৰ উৎসবত ৰাজ্য খনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এশ খন বিপনীয়ে অংশগ্ৰহণ কৰিব।
এইবাৰ বাংলাদেশৰ এখন বিপনীয়েও অংশ লব বুলিও আয়োজক সমিতিয়ে লগতে জানিবলৈ দিয়ে। অহা ২৪ নৱেম্বৰৰ বিয়লি ২ বজাত এই সাহিত্য উৎসৱ আৰু গ্ৰন্থ মেলাৰ দ্বাৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, আছুৰ সম্পাদক লুৰীনজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ো উপস্থিত থাকিব। এই সাহিত্য উৎসৱ আৰু গ্ৰন্থ মেলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।