গোলাঘাটত উদ্ধাৰ গো-মাংস, আটক ২জন লোক

গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত গোলাঘাট-মেৰাপানী সংযোগী পথৰ মেৰাদলং তিনি আলিত সোমবাৰে পুৱা প্ৰায় ৮ বজাত আৰক্ষীয়ে গো-মাংসসহ দুজন লোকক আটক কৰে।

author-image
Asomiya Pratidin
New Update
bhsjkddqwuoi

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত গোলাঘাট-মেৰাপানী সংযোগী পথৰ মেৰাদলং তিনি আলিত সোমবাৰে পুৱা প্ৰায় ৮ বজাত আৰক্ষীয়ে গো-মাংসসহ দুজন লোকক আটক কৰে।

গোলাঘাট কছাৰীহাটৰ আজিজুল হুছেইন আৰু ৰছিদ আলি নামৰ লোক দুজনে নগালেণ্ডৰ পৰা AS05 X-5847  নম্বৰৰ স্কুৰ্টীত প্ৰায় ৫ কেজি গো মাংস লৈ আহি থাকোতে মেৰাদলং তিনি আলিত মেৰাপানীৰ আৰক্ষীৰ নাকা চেকিঙত গো-মাংসখিনি উদ্ধাৰ হয়। ইতিমধ্যে আৰক্ষীয়ে স্কুৰ্টীসহ লোক দুজনক আটক কৰি থানালৈ লৈ যায়।

গোলাঘাট