গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণ হ'বলগীয়া মাটিত ৰাতিটোৰ ভিতৰতে গঢ় লৈ উঠিছে ঘৰ আৰু তামোল-নাৰিকলৰ বাৰী...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা....।সময় আছে যদি এবাৰ গহপুৰলৈ আহক!গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণৰ আৰম্ভণিতে সংঘটিত হোৱা ভয়াবহ কেলেংকাৰীৰ বাস্তৱ দৃশ্য নিজে প্ৰত্যক্ষ কৰিবলৈ অতি সোনকালে গহপুৰলৈ আহক আপুনি।

author-image
Asomiya Pratidin
New Update
গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণৰ আৰম্ভণিতেই ভয়াবহ কেলেংকাৰী

গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণৰ আৰম্ভণিতেই ভয়াবহ কেলেংকাৰী

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা....।সময় আছে যদি এবাৰ গহপুৰলৈ আহক!গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণৰ আৰম্ভণিতে সংঘটিত হোৱা ভয়াবহ কেলেংকাৰীৰ বাস্তৱ দৃশ্য স্ব-স্বক্ষে প্ৰত্যক্ষ কৰিবলৈ অতি সোনকালে গহপুৰলৈ আহক আপুনি।

Advertisment

ইয়াৰ অন্যথা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে আপুনি গ্ৰহণ কৰা শূণ্য সহনশীলতাৰ কথা পৰিণত হ'ব গালো বালো খোলাকটিৰ তালত...।গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ নৌহওতেই ‌সংশ্লিষ্ট বিভাগৰ প্ৰত্যক্ষ সহযোগত সংঘটিত হোৱা ভয়াবহ কেলেংকাৰীৰ  দৃশ্য দেখি "অসমীয়া প্ৰতিদিন"ৰ জৰিয়তে এতিয়া অসমৰ মুখ্যমন্ত্ৰীলৈ এই মুকলি আহ্বান জনাইছে গহপুৰ সমজিলাৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

উল্লেখযোগ্য যে- গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম দ্ৰুতগতিত আগবাঢ়িছে। লুইচ বাৰ্জাৰ ডব্লিউ এছ গ্ৰুপ আৰু ইয়কচপল নামৰ দুটা আন্ত:ৰাষ্ট্ৰীয় কোম্পানীয়ে নিৰ্মাণ কৰিবলগীয়া ভাৰতবৰ্ষৰ ভিতৰতে দীৰ্ঘতম সুৰংগ হ'ব ব্ৰহ্মপুত্ৰৰ তলত গহপুৰ-নুমলিগড় সুৰংগ।১৫ কিলমিটাৰ দৈৰ্ঘ্যৰ উক্ত সুৰংগ নিৰ্মাণ কৰিবলৈ যাওঁতে গহপুৰৰ ১৪ খন গাঁও ক্ৰমেআলিতলা,বাদলপথাৰ,বৰঘূলি,বালিটিকা,বৰফলং,খলিহৰি পথাৰ,২ নং চকলা,২ নং ৰজাবাৰী,ক্ষেত্ৰ আতি,২ নং মাজুকুচি,তিনিচুকীয়া, বিহগুৰী,১ নং আপাৰ তিনিচুকীয়া,২ নং আপাৰ তিনিচুকীয়া আৰু নুমলীগড়ৰ ৭ খনকৈ গাওঁ স্পৰ্শ কৰিব।

ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা মেপৰ জৰিয়তে উক্ত এলেকা সমূহত বন বিভাগ, ৰাজহ বিভাগ, মীন বিভাগ, লোকনিৰ্মাণ বিভাগ আৰু কৃষি বিভাগে জৰীপ কৰাৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।জানিব পৰামতে-চৰকাৰী ভূমিৰ বাহিৰে ম্যাদী পট্টা থকা মাটিৰ মালিকে জোখ মাখৰ পিছত চৰকাৰী ভাবে নিদ্ধাৰিত মূল্য আৰু সেই মাটিত গছ-গছনি,তামোল-নাৰিকল, পুখুৰী, ঘৰ আদি আছে তাৰ উপযুক্ত মূল্য লাভ কৰিব।তদুপৰি যদি চৰকাৰী ভূমিত জৰীপ নকৰাৰ পূৰ্বে ঘৰ বনাই থৈছে তেন্তে মাত্ৰ ঘৰৰ  মূল্য লাভ কৰিব ঘৰৰ গৰাকীয়ে।

গহপুৰ সমজিলাৰ গহপুৰ ৰাজহ চক্ৰৰ বাদল পথাৰৰ পৰা আৰম্ভ হ'ব পথটোৰ আৰম্ভনি।ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ হ'ব লগীয়া সুৰংগটোৰ আৰম্ভনি গহপুৰ ৰাজহ চক্ৰৰ ১ নং ওপৰ তিনিচুকীয়াত হৈ  সুৰংগ শেষ হ'ব নুমলীগড়ৰ এলামি চাপৰিত। জৰীপ মতে মুঠ ৫২০ টা পৰিয়াল স্থানান্তৰ হ'ব।সাতৰ পৰা ১০ বছৰৰ ভিতৰত সম্পূৰ্ন হ'ব এই সুৰংগ নিৰ্মাণৰ কাম।মুঠ ১৩ হাজাৰ কোটি ব্যয় হ’ব এই সুৰংগ নিৰ্মাণ কাৰ্য্যত ৷সুৰংগ সম্পূৰ্ন হোৱাৰ পিছত গহপুৰৰ পৰা নুমলীগড়লৈ যাবলৈ সময় লাগিব মাথো আধা ঘন্টা।

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল-গহপুৰ ৰাজহ চক্ৰৰ যি স্থানৰ মাজেৰে উক্ত সুৰংগ নিৰ্মাণৰ বাবে জৰীপ কৰা হৈছে সেই স্থানৰ মাটিত হঠাতে গঢ় লৈ উঠিছে বৃহৎ বৃহৎ পকী ঘৰ আৰু তামোল নাৰিকলৰ বাৰী।গহপুৰ লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া,অভিযন্তা আৰু কৰ্মচাৰীৰ লগতে গহপুৰ কৃষি বিভাগৰ একাংশ বিষয়া,কৃষি পৰিদৰ্শক আৰু গ্ৰাম সেৱকৰ প্ৰত্যক্ষ সহযোগত উক্ত স্থান সমূহত একে নিশাৰ ভিতৰতে একো একোটা পকী ঘৰৰ নিৰ্মানৰ কামৰ আৰম্ভণি আৰু তামোল-নাৰিকলৰ পুলি ৰোপণ হোৱা বুলি অভিযোগ উথাপন হৈছে।

ক্ষতিপূৰণ বাবদ চৰকাৰী ভাবে পাবলগীয়া ধনৰ ভাগ বাটোৱাৰা কৰাৰ গোপন অংক কৰি এনেদৰে ঘৰ সজা আৰু বাৰী পতাৰ মন্ত্ৰণা দিয়া বুলি অভিযোগ পোৱা গৈছে।যাৰ বাবে গহপুৰ ৰাজহ চক্ৰৰ উক্ত স্থান সমূহত গহপুৰ লোকনিৰ্মাণ বিভাগ আৰু গহপুৰ কৃষি বিভাগৰ প্ৰত্যক্ষ সহযোগত চলিছে ঘৰ সজা আৰু বাৰী পতাৰ যুদ্ধকালীন তৎপৰতা।

তদুপৰি যিবোৰ চৰকাৰী মাটিত পূৰ্বতে কোনো ধৰণৰ ঘৰ নাছিল সেই মাটি সমূহতো চলিছে গৃহ নিৰ্মাণৰ যুদ্ধকালীন কাম।মন কৰিবলগীয়া কথা এয়ে যে-উক্ত পকী ঘৰ সমূহত বৈদ্যুতিকৰণো ব্যৱস্থা কৰা হৈছে, যাতে ক্ষতিপূৰণ বেছিকৈ পোৱা হয়।মুঠতে চৰকাৰী জৰীপৰ নামত এনেদৰে আভুৱা ভাৰি চৰকাৰী পক্ষৰ পৃষ্ঠপোষকতাত লুটৰাজ চলোৱাৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে গহপুৰত।

লক্ষণীয় কথা এয়ে যে-ইমান এটা ভয়াবহ কেলেংকাৰী দেখি-শুনিও ৰহস্যজনক ভাবে নীৰৱ বিশ্বনাথ জিলা আৰু গহপুৰ সমজিলা প্ৰশাসন।অসমৰ মুখ্যমন্ত্ৰীয়ে এই দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰীৰ বিৰুদ্ধে কেনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তাৰেই অধীৰ অপেক্ষাত এতিয়া গহপুৰৰ সচেতন ৰাইজ।

হিমন্ত বিশ্ব শৰ্মা