Advertisment

চলন্ত ৰেলৰ ভিতৰত ৰেলৱে আৰক্ষীয়ে মূৰ ফালিলে গহপুৰৰ শিক্ষকৰ

গহপুৰৰ নৱজ্যোতিয়ে অনলাইন যোগে টিকট কটাৰ কাৰণে ম'বাইলত থকা টিকটতো বিচাৰি দেখুৱাবলৈ সামান্য পলম হোৱাৰ কাৰণে উক্ত দুই ৰেলৱে আৰক্ষীয়ে চলন্ত ৰেলৰ ভিতৰত মৰিয়াই মূৰ ফালে নৱজ্যোতিৰ।

author-image
Asomiya Pratidin
New Update
xcxc

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  ৰেল যাত্ৰীৰ সহায় আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত ৰেলৱে আৰক্ষীৰ গুণ্ডাগিৰিত আজি গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে গহপুৰৰ এগৰাকী নিৰীহ শিক্ষক। লখিমপুৰ জিলাৰ হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত গহপুৰ নগৰৰ টঙনাগাঁৱৰ শিক্ষকগৰাকীৰ নাম নৱজ্যোতি শইকীয়া(৩৬)।

Advertisment

জানিব পৰা মতে, আন দিনাৰ দৰে আজিও শিক্ষক নৱজ্যোতি শইকীয়াই বিদ্যালয় ছুটীৰ পিছত মুৰ্কঙচেলেকৰ পৰা ৰঙীয়া অভিমুখী যাত্ৰীবাহী ৰেল খনেৰে ঘৰলৈ আহি আছিল।দিনৰ প্ৰায় ১২.২০ বজাত ৰেলখনে হাৰমতী আৰু তাঁতীবাহাৰ ৰেল ষ্টেচনৰ মাজ  অংশ পোৱাৰ সময়ত তেওঁ দুগৰাকী ৰেলৱে আৰক্ষীৰ অপ্ৰত্যাশিত আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয়।

যিহেতু ৰেলখনৰ বাকীবোৰ ডবা যাত্ৰীৰে পৰিপূৰ্ণ হৈ আছিল সেইকাৰণে "বিকলাংগ" যাত্ৰীৰ ডবাটোতে উঠি আহিছিল শিক্ষক নৱজ্যোতি।কাৰণ-নৱজ্যোতিৰ দৰে আন বহু যাত্ৰী উঠি আহিছিল বিকলাংগৰ বাবে সংৰক্ষিত উক্ত ডবাটোত। তদুপৰি ৰেলখনৰ উক্ত ডবাটোত অসামৰিক পোছাকত উঠি আহিছিল লখিমপুৰ ৰেলৱে আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক উদ্ধৱ বৈশ্য আৰু মুখ্য কনিষ্টবল মণ্টু দাস।

অভিযোগত প্ৰকাশ পোৱা মতে, উক্ত দুই ৰেলৱে আৰক্ষীয়ে ডবাটোত থকা যাত্ৰী সকলৰ পৰা টিকট পৰীক্ষা কৰাৰ অচিলাৰে টিকট নকটা যাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ কৌশল ৰচনা কৰে। এনেদৰে টিকট নকটা দুই এক যাত্ৰীৰ পৰা জৰিমনা বিহাৰ নামত ধন সংগ্ৰহ কৰি পকেট খৰছ উলিয়াই ৰেলৱে আৰক্ষী দুজনে। এসময়ত শিক্ষক নৱজ্যোতি শইকীয়াৰ পৰাও টিকট বিচাৰে তেওঁলোকে। 

নৱজ্যোতিয়ে অনলাইন যোগে টিকট কটাৰ কাৰণে ম'বাইলত থকা টিকটতো বিচাৰি দেখুৱাবলৈ সামান্য পলম হোৱাৰ কাৰণে উক্ত দুই ৰেলৱে আৰক্ষীয়ে চলন্ত ৰেলৰ ভিতৰত মৰিয়াই মূৰ ফালে নৱজ্যোতিৰ।প্ৰথমে উদ্ধৱ বৈশ্যই নৱজ্যোতিৰ মবাইলটোৰে মূৰত থেতেলিয়াই দিয়াৰ লগতে হাতেৰে প্ৰচণ্ড জোৰে ঘূচা মাৰে তেওঁৰ মূৰত।ফলত মূৰ ফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয় তেওঁৰ।

পিছত বাকী যাত্ৰী সকলে উক্ত দুই ৰেলৱে আৰক্ষীক ডবাটোৰ ভিতৰত আবদ্ধ কৰি আনি গহপুৰ ৰেলৱে আৰক্ষীক চমজাই দিয়ে।গহপুৰ ৰেলৱে আৰক্ষীয়ে আহত নৱজ্যোতিক গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰে।নৱজ্যোতিৰ মূৰত পাঁচটা চিলাই পৰা বুলি জানিব পৰা গৈছে।ইপিনে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে গহপুৰ ৰেলৱে আৰক্ষী থানাত সমবেত হোৱা স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধৱ বৈশ্য আৰু মণ্টু দাসক জবাবদিহি কৰে।

ঘটনা সংক্ৰান্তত শিক্ষক নৱজ্যোতি শইকীয়াই এখন এজাহাৰ দাখিল কৰিছে। অসামৰিক পোছাকত আহি চলন্ত ৰেলৰ ভিতৰত এনেদৰে গুণ্ডাগিৰি চলোৱা উক্ত দুই ৰেলৱে আৰক্ষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। উক্ত দুই ৰেলৱে আৰক্ষী কৰ্তব্যৰত অৱস্থাত আছিল নে নাই সেয়াও হৈ পৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি তেওঁলোক কৰ্তব্যৰত অৱস্থাত আছিল তেওঁলোকে কিয় পৰিধান কৰা নাছিল আৰক্ষীৰ খাকী পোছাক? এইক্ষেত্ৰত বিভাগীয় তদন্তৰ দাবী কৰিছে গহপুৰৰ সচেতন ৰাইজে।

গহপুৰ