নাই দ্বিতীয়, তৃতীয় বিভাগঃ HSৰ পৰীক্ষাত সকলো শিক্ষাৰ্থী উৰ্ত্তীণ ডিষ্ট্ৰিংচন, ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত...

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত গহপুৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ অৰ্ভূতপূৰ্ব ফলাফলে দৃষ্টি কাঢ়িছে সকলোৰে। শিক্ষানুষ্ঠানখনৰ পৰীক্ষাত বহা আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে প্ৰথম বিভাগ। সেই বিদ্যালয়খন হৈছে গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন। 

author-image
Asomiya Pratidin
New Update
গহপুৰ

ডিজিটেল ডেস্কঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত গহপুৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ অৰ্ভূতপূৰ্ব ফলাফলে দৃষ্টি কাঢ়িছে সকলোৰে। শিক্ষানুষ্ঠানখনৰ পৰীক্ষাত বহা আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে প্ৰথম বিভাগ। সেই বিদ্যালয়খন হৈছে গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন। 

Advertisment

বিদ্যালয়খনৰ  সৰ্বমুঠ ১৫০ জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল,তাৰে ভিতৰত ১২৫ জন ছাত্ৰ-ছাত্ৰীয়ে ৭৫% ৰ ওপৰত নম্বৰ পাবলৈ সক্ষম হৈছে। ইয়াৰে ৮৭ জন ছাত্ৰ ছাত্ৰীয়ে ৮৫% ওপৰৰ নম্বৰ লাভ কৰিছে।

পৰীক্ষাত অৱৰ্তীণ হোৱা মুঠ ২৪ জনে ৯০% ওপৰত লাভ কৰিছে। ছাত্ৰী গিতাশ্ৰী সোনোৱালে ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ অসমীয়া বিষয়ত ৯৯ পাবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাত  ৯০ শতাংশৰ ওপৰত ৮ জন, ৮৫-৯০ শতাংশৰ ভিতৰত ২৯ জন, ৮০-৮৫ শতাংশ পাইছে ২০ জন আৰু ৭৫ -৮০ শতাংশ ৩৭ জনে লাভ কৰিছে। 

আস্থা সোণোৱাল আৰু কৌস্তভ মণি কেওঁটে মুঠ  নম্বৰ  ৫০০ ৰ ভিতৰত ৪৬১ (৯২.২%) পাবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাত মুঠ লেটাৰ মাৰ্ক লাভ কৰিছে ২৮১ গৰাকী শিক্ষাৰ্থীয়ে।   কলা শাখাত  সৰ্বমুঠ ৫৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৭ জনেই ৭৫ শতাংশৰ ওপৰত পাবলৈ সক্ষম হৈছে। ইয়াৰে ৯০ শতাংশৰ ওপৰত ১৬ জনে, ৮৫ শতাংশ ওপৰত  ৩৪  জনে পাবলৈ সক্ষম হৈছে। ষড়ঙ্গনা ভূঞাই মুঠ ৫০০নম্বৰ ভিতৰত সৰ্বমুঠ নম্বৰ  ৪৭৮(৯৫.৬%) পাবলৈ সক্ষম হৈছে।

 

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা