স্কুটী চুৰি চক্ৰক উৎখাত গহপুৰ আৰক্ষীৰ

গহপুৰৰ বিভিন্ন অঞ্চলৰ পৰা চুৰি হোৱা ৭ খনকৈ স্কুটী উদ্ধাৰ কৰিছে গহপুৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে, গহপুৰ সমজিলাৰ অন্তৰ্গত গহপুৰ আৰক্ষী থানা আৰু হেলেম আৰক্ষী থানাৰ এলেকাৰ পৰা যোৱা প্ৰায় ১০ দিনৰ ভিতৰত কেইবাখনো স্কুটী চুৰি হয়।

author-image
Asomiya Pratidin
New Update
গহপুৰ আৰক্ষীৰ বৃহৎ সফলতা

গহপুৰ আৰক্ষীৰ বৃহৎ সফলতা

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰৰ বিভিন্ন অঞ্চলৰ পৰা চুৰি হোৱা ৭ খনকৈ স্কুটী উদ্ধাৰ কৰিছে গহপুৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে, গহপুৰ সমজিলাৰ অন্তৰ্গত গহপুৰ আৰক্ষী থানা আৰু হেলেম আৰক্ষী থানাৰ এলেকাৰ পৰা যোৱা প্ৰায় ১০ দিনৰ ভিতৰত কেইবাখনো স্কুটী চুৰি হয়। এই সন্দৰ্ভত গহপুৰ আৰু হেলেম আৰক্ষী থানাত ৰুজু হয় চুৰি সংক্ৰান্তীয় দুটাকৈ পৃথক গোচৰ।

Advertisment

সমান্তৰালভাৱে চুৰি হোৱা স্কুটী সমূহ উদ্ধাৰৰ বাবে গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জিত লহকৰৰ নেতৃত্বত আৰু গহপুৰৰ লগতে হেলেম আৰক্ষী থানাৰ সহযোগত চুৰি চক্ৰৰ বিৰুদ্ধে আৰম্ভ হয় কঠোৰ অভিযান। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ তদাৰকত চলোৱা এই অভিযানত কালিলৈকে মুঠ ৭ খন চুৰি স্কুটী উদ্ধাৰ কৰে গহপুৰ আৰক্ষীৰ অভিযানকাৰী দলে। ইয়াৰে ৪ খন স্কুটী গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী ৰাজগড় আৰক্ষী চকীৰ এলেকাধীন মধ্য সোণাপুৰৰ পৰা উদ্ধাৰ কৰাৰ বিপৰীতে ১ খন গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছত্ৰং বালিগাঁৱৰ পৰা ২ খন উদ্ধাৰ কৰে বালিগাঁৱৰ পৰা। এই চুৰি  কাৰ্য্যৰ লগত জড়িত মধ্য সোণাপুৰৰ আকাশ ইছলাৰী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে গহপুৰ আৰক্ষীয়ে। অতি সোনকালেই স্কুটী চুৰি কাৰ্য্যৰে জড়িত গেংটো ধৰা বুলি মন্তব্য প্ৰকাশ কৰিছে মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জিত লহকৰে। লক্ষণীয় কথা এয়ে যে, উদ্ধাৰ হোৱা আটাইকেইখন স্কুটী TVS Antok কোম্পানীৰ। গহপুৰ আৰক্ষীৰ এই সফলতাত সন্তোষ প্ৰকাশ কৰিছে সচেতন ৰাইজে।

গহপুৰ