/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-16/ocvabp7j/5.jpg)
ডিজিটেল সংবাদ, গহপুৰ: মাথো ১৫ দিনৰ পূর্বে প্রতিষ্ঠা হোৱা চাওচেং নামৰ এন জি অ'টোৰ বিষয়ববীয়া -কাৰ্যকৰ্তাসকলে এক প্ৰসংশনীয় পদক্ষেপ হাতত লৈছে। বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা চিভিল হাস্পতালৰ চৌহদত থকা বিনামূলীয়া ডায়েলাইছিছ চেণ্টাৰ(এপল')ৰ ৰোগী, স্বাস্থ্য বিষয়া-কৰ্মীৰ মাজত ফল, মিঠাইৰ টোপোলা বিতৰণ কৰে।
মূলত: মহিলাৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যকৰী সভানেত্রী প্ৰিয়াংক্ষা হাজৰিকা, সাধাৰণ সম্পাদিকা আগমণি সেনগুপ্ত, বিত্ত সম্পাদিকা মঞ্জু বৰা হাজৰিকা, মিতালী কোঞৰ, মিতালী মোচাহাৰী, নিমিষা কোঞৰ আদিয়ে অংশগ্রহণ কৰে।
Also Read: দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী...