/asomiyapratidin/media/media_files/2025/06/19/ijuj-2025-06-19-11-12-21.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰঙাবাৰীৰ মৰ্ণিংষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত স্কুলীয়া শিক্ষা, বিহালীৰ পণ্ডিত দীন দয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা লাভ কৰাৰ পিছত শেহতীয়া ভাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ শিক্ষা লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা মেৱাধী ছাত্র তুষাৰ বৰুৱাৰ কৃতিত্বক লৈ যথেষ্ট গৌৰৱ বোধ কৰিছে মৰ্ণিং ষ্টাৰ হাইস্কুল আৰু গহপুৰৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান এপিটাইছিয়া লাৰ্নিং হাবে।
Condensed Matter Physics and Photonics বিষয়ত বিশেষ ভাৱে অধ্যয়ণ কৰি কালি ঘোষিত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বিজ্ঞান শাখাৰ ফলাফলত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা তুষাৰ বৰুৱাই পদাৰ্থ বিজ্ঞান বিভাগত শেহতীয়াভাবে দেখুওৱা ফলাফলে নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰিছে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাৰ লগতে এপিটাইছিয়া লাৰ্নিং হাবৰ পৰিচালক তথা পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নবদীপ শইকীয়া।
নবদীপ শইকীয়াৰ তত্বাৱধানত এপিটাইছিয়া লাৰ্নিং হাবত বিজ্ঞান বিষয়ৰ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব দিয়া তুষাৰ বৰুৱাৰ এই সাফল্যত যথেষ্ট আনন্দ অনুভৱ কৰিছে শিক্ষক নবদীপ শইকীয়াই।এগৰাকী শিক্ষাৰ্থীৰ এনেধৰণৰ কৃতকাৰ্য্যতাই শিক্ষকগৰাকীক যথেষ্ট সুখী কৰি তোলে বুলি মন্তব্য কৰিছে এপিটাইছিয়া লাৰ্ণিং হাবৰ পৰিচালক নবদীপ শইকীয়াই।
এই বৰ্ষৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সোণৰ পদক অৰ্জনকাৰী তুষাৰ বৰুৱা বৰঙাবাৰীৰ বাঢ়ৈচুক গাঁও নিবাসী ঋষভ বৰুৱা আৰু নিকু বৰুৱাৰ সুযোগ্য পুত্ৰ।উল্লেখযোগ্য যে-তুষাৰ বৰুৱাই ২০১৮ চনত মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্ট্ৰিংছন নম্বৰ লাভ কৰাৰ লগতে গণিত আৰু উচ্চ গণিত বিষয়ত লাভ কৰিছিল এশ শতাংশ নম্বৰ।তদুপৰি ২০১৮ চনত অনুষ্ঠিত কেমিষ্ট্ৰি অলিম্পিয়াডত সদৌ অসম ভিত্তিত সপ্তম স্থান লাভ কৰিছিল তেওঁ।