/asomiyapratidin/media/media_files/2025/06/07/1IPsXg6H9YCZhNFBx2FE.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত শুক্ৰবাৰে অনুষ্ঠিত হয় SCI-FIESTA,2025 শীৰ্ষক বিজ্ঞান বিষয়ৰ এখন আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা।ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ সামন্তৰাল ভাবে বিজ্ঞান বিষয়ৰ বিভিন্ন বিষয়বস্তুৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক অধিক মনোগ্ৰাহীকৈ আয়ত্ব কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ অনুষ্ঠিত কৰা হয় এই কুইজ প্ৰতিযোগিতাখনি।
উল্লেখযোগ্য যে-গুণগত শিক্ষাৰ মাজেৰে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলৰ মাজত এক প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু অধ্যক্ষ দীনেশ কুমাৰ কেচিৰ তৎপৰতাত প্ৰায়ে বিদ্যালয়খনত অনুষ্ঠিত হৈ আহিছে এনেধৰণৰ বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্য্যসূচী।
সেই অনুসৰি- বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰী সকলৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত কুইজ প্ৰতিযোগিতা।কাৰ্য্যসূচী অনুসৰি পুৱা প্ৰায় ১০ বজাত বিজ্ঞান বিষয়ৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছত অনুষ্ঠিত হয় উক্ত কুইজ প্ৰতিযোগিতা।
মুঠ পাঁচটা বিষয়ৰ ওপৰত অনুষ্ঠিত উক্ত কুইজ প্ৰতিযোগিতাৰ ঘোষিত ফলাফল এনেধৰণৰ:-চাইঞ্চ চ' ডাউন ( science show down)ত জ্যোতিষ্ক প্ৰতিম বৰা,প্ৰথীত কুমাৰ ওজা আৰু লোহিত কুমাৰ প্ৰধানে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে মৃগাংক খাউণ্ড আৰু শ্ৰৱন আচাৰ্যই লাভ কৰে দ্বিতীয় স্থান।ৰুবিক কিউব ( Rubix কিউব) বিষয়ৰ কুইজ প্ৰতিযোগিতাত দেবজিত ৰংপী (২৯.২১ চেকেণ্ড)য়ে প্ৰথম স্থান আৰু অম্বৰিশ বৰা (৪৭.১৭ চেকেণ্ড )ই লাভ কৰে দ্বিতীয় স্থান।
একেদৰে ষ্ট্ৰকচাৰ ( strawcture) বিষয়ৰ কুইজ প্ৰতিযোগিতাত মানস কাৰ্ডং,সিদ্ধাৰ্থ পায়েং,চৰবিনং টেৰাঙে প্ৰথম স্থান আৰু প্ৰথীত কুমাৰ ওজা, জ্যোতিষ্ক প্ৰীতম বৰা আৰু লোহিত কুমাৰ প্ৰধানে লাভ কৰে দ্বিতীয় স্থান।কচমিক ৰকেট ৰেলী(cosmic rocket rally)বিষয়ৰ প্ৰতিযোগিতাত অভিৰূপম সন্দিকৈ,মৃন্ময় সেনাপতি আৰু সংগীত দিহিঙীয়াই প্ৰথম স্থান আৰু অন্তৰাক্ষী শৰ্মা বৰদলৈ,দেৱজানী হাজৰিকা আৰু অনুপম নাগে লাভ কৰে দ্বিতীয় স্থান।
তদুপৰি Ink and Impact বিষয়ৰ প্ৰতিযোগিতাত সৌম্যদীপ বৰুৱাই প্ৰথম আৰু হিয়া তাঁতিয়ে লাভ কৰে দ্বিতীয় স্থান।ইপিনে Environmental Quize প্ৰতিযোগিতাত আখৰুজ আখটাৰ আৰু নম্নতা শৰ্মাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰে কাব্যত্ৰী শাণ্ডিল্য,অনন্যা বৰুৱা আৰু হৰ্ষিতা শৰ্মাই।বিজয়ী প্ৰতিযোগী সকলক কাইলৈ ৮ জুনত পুৰস্কৃত কৰা হ'ব বুলি জানিবলৈ দিছে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই।