গহপুৰত "নিৰপেক্ষ গহপুৰ"ৰ অষ্টম বাৰ্ষিক অনুষ্ঠানত বিভিন্নজনক সম্বৰ্ধনা

নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক কেলেণ্ডাৰখনি উন্মোচন কৰে গহপুৰৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি উৎপল বৰাই। নিৰপেক্ষ গহপুৰে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বিভিন্ন শিতানৰ কেইবাজনো ব্যক্তিক সম্বৰ্দ্ধনা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
ghgh

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত গহপুৰৰ অন্যতম সামাজিক অনুষ্ঠান নিৰপেক্ষ গহপুৰৰ অষ্টম বাৰ্ষিক অনুষ্ঠান আজি সফলতাৰে সম্পন্ন হয়।এই অষ্টম বাৰ্ষিক অনুষ্ঠানটোত এইবাৰ শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা-২০২৫ প্ৰদান কৰা হয় বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক, বিশিষ্ট সাংস্কৃতিক কৰ্মী,সংগীত শিল্পী তথা বিশিষ্ট সমাজসেৱক যাদৱ চলিহাক।

Advertisment

জীৱনৰ সুদীৰ্ঘ দিন সমাজ জীৱনৰ প্ৰতি নি:স্বাৰ্থ ভাবে আগবঢ়াই অহা সেৱাৰ বাবে এই বঁটা ৰাজহুৱাভাবে প্ৰদান কৰা হয় যাদৱ চলিহাক। নিৰপেক্ষ গহপুৰৰ এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত বৃক্ষৰোপন কৰে বৃক্ষমানৱ বকুল গগৈয়ে। বন্তি প্ৰজ্বলন কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দন বৰুৱাই আৰু সমবেত সংগীত পৰিৱেশন কৰে স্বেচ্ছাসেৱী অনুষ্ঠান চাও চেংৰ সদস্যা সকলে।

উক্ত অনুষ্ঠানত নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক কেলেণ্ডাৰখনি উন্মোচন কৰে গহপুৰৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি উৎপল বৰাই। নিৰপেক্ষ গহপুৰে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বিভিন্ন শিতানৰ কেইবাজনো ব্যক্তিক সম্বৰ্দ্ধনা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

প্ৰজ্ঞান মুক্ত পুথিভঁৰালৰ জৰিয়তে সমগ্ৰ গহপুৰত গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আন্তৰিকতাপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে গহপুৰ সমজিলাৰ সমজিলা আয়ুক্ত লুকুমণি বড়াক সম্বৰ্ধনা জ্ঞাপন কৰে নিৰপেক্ষ গহপুৰে।

তদুপৰি স্বাস্থ্য সেৱাৰ শিতানত চিকিৎসক ডা: ৰবীন্দ্ৰ নাথ দেউৰী, শিক্ষকতাৰ শিতানত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ সিং ৰাজপুত, মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষক প্ৰশান্ত শ‌ইকীয়া, ডুবিয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তৃষ্ণা বৰা, ডিলাপখৰা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লোকেন্দ্ৰ খাউণ্ড, উদ্যমী মহিলাৰ শিতানত পূৰ্বজ্যোতি কৃষিপাম নিগমৰ জোন্টি চাংমাইৰ উপৰিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ খণ্ড আঁচনি প্ৰৱন্ধক হৰেন গগৈ, যাদু শিল্পী হিতেশ্বৰ হীৰা, আদৰ্শ কৃষক ধন্দিৰ প্ৰশান্ত শইকীয়া, সু-সংগঠক তথা গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰা, সমাজসেৱক দেৱব্ৰত বৰা, অভিযন্তা অনুপম ৰাজখোৱা, বিশিষ্ট ব্যৱসায়ী ৰাজেন কলিতা, সাংবাদিক হেমন্ত কাকতিক সম্বৰ্ধনা জনোৱা হয়।

যুৱ সাংবাদিক তথা নিৰপেক্ষ গহপুৰৰ পৰিচালন সঞ্চালক হেমন্ত বৰুৱাই আঁত ধৰা সভাখনত উদেশ্যে ব্যাখ্যা কৰে মূখ্য সঞ্চালক বিপ্লৱ নেওগে।বিশিষ্ট অতিথি হিচাপে ভাষন আগবঢ়াই স্থানীয় বিধায়ক উৎপল বৰাই। নিৰ্দিষ্ট বক্তা হিচাপে ভাষন ৰাখে গহপুৰ সমজিলাৰ সমজিলা আয়ুক্ত লুকুমনি বড়াই।

আমন্ত্ৰিত অতিথি হিচাপে ভাষন ৰাখে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ সিং ৰাজপুত আৰু গহপুৰৰ জেষ্ঠ অধিবক্তা নৱজ্যোতি নেওগে।অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় নিৰপেক্ষ গহপুৰৰ মুখ্য প্ৰশাসক পৰাশ শ‌ইকীয়াই।অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে পৰাশ শইকীয়াই।

গহপুৰ