পুত্ৰ আছে আই চি ইউত! হঠাতে গুৱাহাটীত সন্ধানহীন পিতৃ জয় দাস...

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ ব্যৱসায়ী জয় দাস(৪৮) আজি বিয়লি ১-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে। গুৱাহাটীৰ বেলতলাৰ পৰা সন্ধানহীন হৈ আছে জয় দাস।

author-image
Asomiya Pratidin
New Update
new ap web 4 (11)

ডিজিটেল ডেস্কঃ গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ ব্যৱসায়ী জয় দাস(৪৮) আজি বিয়লি ১-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে। গুৱাহাটীৰ বেলতলাৰ পৰা সন্ধানহীন হৈ আছে জয় দাস।জানিব পৰামতে-যোৱা নিশা প্ৰায় ১২ বজাত বেলতলাৰ চন্দন নগৰৰ চাৰ্ভেত থকা "ড্ৰিমছ ছুপাৰস্পেচিলিটি হস্পিতাল"ত চিকিৎসাৰ বাবে পুত্ৰ মানস জ্যোতি দাস(১৯)ক ভৰ্তি কৰিছিল জয় দাসে।

Advertisment

মানসৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ নথকাৰ বাবে তেওঁক হস্পিতালখনৰ আই চি ইউত ভৰ্তি কৰিছিল হস্পিতাল কৰ্তৃপক্ষই।আশ্চৰ্যজনক কথা এয়ে যে মানস জ্যোতিয়ে আই চি ইউত চিকিৎসাধীন অৱস্থাত থকা সময়তে আজি বিয়লি প্ৰায় ১-৩০ বজাত হস্পিতালখনৰ পৰা সন্ধানহীন হয় জয় দাস।

জয় দাসে তেওঁৰ মবাইল ফোনটো হস্পিতালতে এৰি থৈ যায়।ৰোগীৰ লগত থকা জয় দাসৰ ঘৰৰ ওচৰৰ নৱজিৎ বৰা নামৰ যুৱকজনে বিচাৰ-খোচাৰ কৰি কোনো সন্ধান নোপোৱাত আজি সন্ধিয়া দিছপুৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে জয় দাসৰ সন্ধান লাভ কৰিলে 93152-39427 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।পুত্ৰক আই চি ইউত এৰি কি কাৰণত পিতৃ জয় দাস সন্ধানহীন হ'বলগীয়া হ'ল তাৰ কোনো উৱাদিহ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।

সন্ধানহীন