/asomiyapratidin/media/media_files/2025/05/18/OYEiTvtpW1Il40qqKC35.jpg)
ডিজিটেল সংবাদ,গহপুৰ: গহপুৰত এহাল প্ৰেমিক-প্ৰেমিকাই ল'লে চৰম সিদ্ধান্ত। প্ৰাপ্ত তথ্য অনুসৰি গহপুৰ কুকুৰজানৰ নিবাসী হেমন্ত মহানন্দ নামৰ যুৱক জনৰ দীৰ্ঘ দিন ধৰি চেঙাই গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু এসপ্তাহ পূৰ্বে নগাঁও মিছা বাগানৰ আন এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যুৱকজন।
শেহতীয়াকৈ কালি নিশা হেমন্ত মহানন্দে পূৰ্বৰ প্ৰেমিকাৰ ঘৰলৈ যায় আৰু দুয়ো নিশা অন্তৰ্ধান হয়। গহপুৰ খণ্ড বিষয়া কাৰ্য্যালয়ৰ সমীপত আজি পুৱা দুয়োকে এডাল বগৰি গছত একেডাল চিপ লোৱা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
কাৰ্য্যবাহী দণ্ডাধীশ মনীষ ভড়ালী সহ গহপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে। ঘটনাৰ প্ৰকৃত ৰহস্য তদন্তৰ পিছতহে ওলাব যদিও দুয়োৰে ভালপোৱাই পূৰ্ণতা নোপোৱা বাবে এনে পদক্ষেপ লোৱাৰ সন্দেহ কৰিছে ৰাইজে।