গহপুৰ বিজেপিত সংঘাত: নিৰ্দলীয়কৈ নিৰ্বাচন খেলিব টিকট বঞ্চিত যুৱ নেতাই

সুদীৰ্ঘ দিন বিজেপি দলটোৰ হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা নৱজ্যোতি নেওগ ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সদস্য হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

author-image
Asomiya Pratidin
New Update
xcc

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি গহপুৰ বিজেপিত এতিয়া তুংগত হৈ উঠিছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত। ৪খন জিলা পৰিষদৰ আসন থকা গহপুৰ বিধানসভা সমষ্টিৰ দুখন জিলা পৰিষদৰ আসনত বিজেপিৰ দুগৰাকী শক্তিশালী যুৱ নেতাই নিৰ্দলীয়কৈ প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন দাখিল কৰা কাৰ্য্যই গহপুৰ বিজেপিত সৃষ্টি হোৱা প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ বিষয়টো স্পষ্ট কৰি তুলিছে।

Advertisment

উল্লেখযোগ্য যে, কলাবাৰী জিলা পৰিষদৰ আসনখনৰ বাবে বিজেপিৰ টিকটৰ প্ৰবল দাবীদাৰ আছিল গোপালপুৰৰ বিজেপিৰ যুৱ নেতা তথা গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা নৱজ্যোতি নেওগ। সুদীৰ্ঘ দিন বিজেপি দলটোৰ হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা নৱজ্যোতি নেওগ ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সদস্য হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

যুৱ নেতা নৱজ্যোতি নেওগে সমাগত পঞ্চায়ত নিৰ্বাচনত কলাবাৰী জিলা পৰিষদ আসনখনৰ বাবে বিজেপিৰ টিকট বিচাৰিছিল যদিও অন্তিম মূহুৰ্তত দলীয় টিকট লাভৰ পৰা বঞ্চিত হয় তেওঁ। এটা সময়ত পূৱ ছয়দুৱাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ লিগেল এডভাইজাৰ আৰু বিজেপিৰ বিশ্বনাথ জিলা নিৰ্বাচনী কমিটিৰ লিগেল চেলৰ সদস্য হিচাপে দায়িত্ব পালন কৰা নৱজ্যোতি নেওগক বিজেপি দলে টিকটৰ পৰা বঞ্চিত কৰাত তেওঁ কলাবাৰী জিলা পৰিষদৰ আসনখনৰ বাবে নিৰ্দলীয়কৈ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ দৃঢ়তাৰে নামি পৰিছে।

গোপালপুৰ, ডুবিয়া,পূৱ ডুবিয়া, কলাবাৰী, পশ্চিম কলাবাৰী, পূৱ কলাবাৰী, উত্তৰ কলাবাৰী, দক্ষিণ কলাবাৰী আৰু আলুপাৰা গাঁও পঞ্চায়ত সামৰি থকা কলাবাৰী জিলা পৰিষদ আসনখনৰ বাবে যিগৰাকী প্ৰাৰ্থীক বিজেপিয়ে টিকট দিছে সেই গৰাকী প্ৰাৰ্থী নিতুল হাজৰিকা যোৱা পাঁচবছৰ কলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

বিজেপিৰ দলীয় শীৰ্ষ নেতৃত্বই নতুন মুখক অগ্ৰাধিকাৰ নিদি পূৰ্বৰ এগৰাকী জনপ্ৰতিনিধিকে উক্ত আসনখনৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰাত স্বাভাৱিকতে একাংশ নিষ্ঠাবান বিজেপি কৰ্মী আৰু সমৰ্থকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কাৰণ ইতিমধ্যে কাৰ্য্যনিৰ্বাহ কৰা এগৰাকী জনপ্ৰতিনিধিৰ বিৰূদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাটো তেনেই স্বাভাৱিক কথা।

বৃহত্তৰ অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, ধৰ্মীয় আৰু ৰাজহুৱা ক্ষেত্ৰৰ লগত নিবিড় ভাবে জড়িত নৱজ্যোতি নেওগক অন্তিম মূহুৰ্তত দলীয় টিকটৰ পৰা বঞ্চিত কৰাত তেওঁৰ সমৰ্থক সকলৰ মাজত স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইপিনে সমষ্টিটোৰ লোহিতমুখ জিলা পৰিষদৰ আসনখনক লৈ বিজেপিৰ মাজতে সৃষ্টি হৈছে দুটা ফৈদ। জানিব পৰা মতে, সোণাপুৰ,ঘগৰা,সোলেঙী,বৰতামুলী, ৰাওনামুখ, খাৰৈ পৰীয়া,পিছলা সোৱণশিৰী আৰু লোহিতমুখ গাঁও পঞ্চায়ত সামৰি থকা লোহিতমুখ জিলা পৰিষদৰ আসনখনৰ ক্ষেত্ৰত বিজেপিৰ টিকটৰ বাবে শক্তিশালী দাবীদাৰ আছিল কঠালকুছি গাঁৱৰ যুৱ নেতা জনতা কাৰ্ডং।

প্ৰায় এটা দশকৰ অধিক সময় সততাৰে বিজেপি দলৰ হৈ কাম কৰা জনতা কাৰ্ডং দুটা কাৰ্য্যকালৰ বাবে বিশ্বনাথ জিলা এছ টি মৰ্চাৰ সভাপতিৰ দায়িত্বত আছিল।বৰ্তমান তেওঁ বিজেপিৰ ৰাজ্যিক এছ টি মৰ্চাৰ কাৰ্য্যনিৰ্বাহকৰ দায়িত্বত আছে।নিক ভাৱমূৰ্তিৰ এইগৰাকী যুৱ নেতা জনতা কাৰ্ডং বৃহত্তৰ অঞ্চলটোৰ সামাজিক আৰু ৰাজহুৱা কাম কাজৰ লগত ওতঃপ্ৰোত ভাবে জড়িত।

দলীয় নেতৃত্বৰ লগতে বিধায়ক উৎপল বৰাই তেওঁক লোহিতমুখ জিলা পৰিষদৰ আসনখনৰ বাবে বিজেপিৰ টিকট দিব বুলি পূৰ্ণ আশ্বাস প্ৰদান কৰি অন্তিম মূহুৰ্তত তেওঁক দলীয় টিকটৰ পৰা বঞ্চিত কৰাত দলীয় নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে জনতা কাৰ্ডঙে। যাৰ বাবে এতিয়া উক্ত আসনখনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হ'বলৈ ককালত টঙালি বান্ধিছে জনতা কাৰ্ডঙে।

ইতিমধ্যে কেইবাশতাধিক সমৰ্থক লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা জনতা কাৰ্ডঙ বিজেপি প্ৰাৰ্থী লক্ষ্য মিলিক প্ৰবল প্ৰত্যাহ্বান জনাব পাৰিব বুলি তেওঁ গভীৰ আত্মবিশ্বাসী।জনতা কাৰ্ডঙৰ মতে লোহিতমুখ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী লক্ষ্য মিলিৰ বিৰূদ্ধে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ। যোৱা পাঁচবছৰীয়া কাৰ্য্যকালত  লক্ষ্য মিলি লোহিতমুখ জিলা পৰিষদৰ সদস্য আছিল।

এইক্ষেত্ৰত জনতা কাৰ্ডঙৰ সমৰ্থক সকলে কয় যে, লক্ষ্য মিলিৰ পাঁচবছৰীয়া কাৰ্য্যকালত জিলা পৰিষদখনৰ ৰাইজে কি পালে,কি নাপালে তাৰ হিচাপ-নিকাচ এতিয়া ৰাজহুৱাকৈ কৰিবলৈ লৈছে ভুক্তভোগী ৰাইজে। নতুন মুখক অগ্ৰাধিকাৰ নিদি প্ৰতিষ্ঠান বিৰোধী প্ৰবল ঢৌ থকা পূৰ্বৰ জিলা পৰিষদৰ সদস্যগৰাকীকে পুনৰ লোহিতমুখ জিলা পৰিষদৰ আসনখনৰ বাবে বিজেপিৰ টিকট প্ৰদান কৰাত স্বাভাৱিকতে জনতা কাৰ্ডঙলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱা বিজেপি দলৰ নেতা কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আগ্ৰাসী বিজেপিৰ নিৰ্বাচনী ৰণকৌশলক ওফৰাই নিৰ্দলীয় প্ৰাৰ্থী নৱজ্যোতি নেওগ আৰু জনতা কাৰ্ডঙে নিজৰ বিজয় সুনিশ্চিত কৰিবলৈ কেনেধৰণৰ নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰে তাৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব প্ৰাৰ্থী দুগৰাকীৰ ৰাজনৈতিক ভৱিষ্যত।

গহপুৰ