গহপুৰত‌ প্ৰাৰ্থিত্বক‌ লৈ আকোৰগোঁজ অগপ

কেইদিনমানৰ পূৰ্বে অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদে বৰ্তমানৰ বিজেপিৰ‌ বিধায়ক উৎপল বৰাক টিকট দিয়াৰ পৰিৱৰ্তে অগপক সমষ্টিটো এৰি দিবলৈ দাবী জনোৱাৰ পিছত অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদেও অনুৰূপ দাবী উত্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
424

ডিজিটেল সংবাদ, গহপুৰ : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি গহপুৰত‌ বিজেপি‌ আৰু অগপৰ‌ মাজত অব্যাহত থকা সংঘাতৰ‌ বহিৰ্প্ৰকাশ ঘটিছে। কেইদিনমানৰ পূৰ্বে অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদে বৰ্তমানৰ বিজেপিৰ‌ বিধায়ক উৎপল বৰাক টিকট দিয়াৰ পৰিৱৰ্তে অগপক সমষ্টিটো এৰি দিবলৈ দাবী জনোৱাৰ পিছত অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদেও অনুৰূপ দাবী উত্থাপন কৰে।

গহপুৰ অগপৰ কাৰ্যালয়ত অনুষ্ঠিত অসম কৃষক পৰিষদৰ গহপুৰ সমষ্টিৰ এখন সাংগঠনিক সভাত প্ৰাৰ্থিত্বক লৈ আঁকোৰগোজ হৈ পৰিছে অগপৰ কৰ্মীসকল । পূৰ্বতে অসম গণ পৰিষদৰ দুৰ্গ হিচাপে পৰিচিত গহপুৰ বিধানসভা সমষ্টি বিগত দুটা কাৰ্যকালত দলটোৱে এৰি দিছিল সহযোগী বিজেপি‌ দলৰ প্ৰাৰ্থী উৎপল বৰাক।

কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলে সমষ্টিটো‌ বিজেপিক কোনো কাৰণতে এৰি নিদিওঁ বুলি হুংকাৰ দিছে। বিজেপিয়ে সমষ্টিটো এৰি নিদিলেও আৰু অগপৰ  কেন্দ্ৰীয় সমিতিয়ে‍ নিবিচাৰিলেও অগপৰ স্থানীয় নেতা, কৰ্মী সকলে ২৬ৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয়ভাৱে হ'লেও প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিও সভাত ঐক্য মত পোষণ কৰে।

উক্ত সাংগঠনিক সভাখনত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ পাটগিৰি, গহপুৰ সমষ্টিৰ সমিতিৰ সভাপতি কনক বৰা, কাৰ্যকৰী সভাপতি শংকৰ দুৱৰা, সম্পাদক দ্বয় যোগেশ্বৰ দাস, গিৰিশ বসুমতাৰী,অগপৰ গহপুৰ সমষ্টিৰ সভাপতি অনন্ত কুমাৰ বৰা, সাধাৰণ সম্পাদক লাচিত দাস আৰু অমূল্য শইকীয়াকে ধৰি বহু সংখ্যক আঞ্চলিকতাবাদত বিশ্বাসী লোক উপস্থিত আছিল।

গহপুৰ