গহপুৰ মহকুমা অনুসূচীত জাতি সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

গহপুৰ মহকুমা অনুসূচীত জাতি সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
গহপুৰ মহকুমা অনুসূচীত জাতি সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত গহপুৰ মহকুমা অনুসূচীত জাতি সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। গহপুৰৰ মৎস্যজীৱি ৰাইজৰ সহযোগত অনুসূচীত ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

গমিৰি কো: অ: কৈৱৰ্ত ফিছাৰি চ'চাইটিৰ অন্তৰ্গত কেইবাখনো নৈ, বিল MAC য়ে দখল কৰাৰ অভিযোগ আনিছে সংগঠনটোৱে। অচিৰেই দখলমুক্ত কৰাৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 'উৎপল বৰাৰ কাম নাই'; 'গহপুৰ প্ৰশাসন হায় হায়', জাতিক লৈ ৰাজনীতি বন্ধ কৰক' আদি প্ৰতিবাদী ধ্বনিৰে পৰিৱেশটো উত্তাল কৰি তোলে।

Also Read: সদৌ অসম ভিত্তিত কেৰম প্ৰতিযোগিতা আয়োজিত:চুড়ান্ত বিজয়ী যুগল কিশোৰ আৰু মনহৰলাল গুপ্ত

AASCSU Protest gohpur