অৰুণাচলৰ পাচিঘাটত গগৈ সন্মিলিত ঐক্যমঞ্চৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত

চলিত বৰ্ষৰ এপ্ৰিল মাহত গঠন হোৱা গগৈ বংশাৱলীৰ জোনাই সম সমিতিখন প্ৰথমখনে অতি সুন্দৰকৈ সফলভাৱে সভাখনি অনুষ্ঠিত কৰা হৈছে বুলি এক বিবৃতিৰ যোগে গগৈ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গোলাপ গগৈয়ে জানিবলৈ দিয়ে ৷

author-image
Asomiya Pratidin
New Update
ৌ

ডিজিটেল সংবাদ,ধেমাজি:   অসমকে ধৰি অৰুণাচলত সিচৰিত হৈ থকা আহোম জনগোষ্ঠীৰ গগৈ বংশাৱলীৰ লোকসকলক একত্ৰিত কৰি সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত আগবঢ়াই 
নিয়া উদ্দেশ্যে দেওবাৰে অৰুণাচলৰ পাচিঘাটৰ জি. টি. চিৰ অতিথিশালাত গগৈৰ বংশাৱলীৰ প্ৰথমখন কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয় ৷

Advertisment

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত গঠন হোৱা গগৈ বংশাৱলীৰ জোনাই সম সমিতিখন প্ৰথমখনে অতি সুন্দৰকৈ সফলভাৱে সভাখনি অনুষ্ঠিত কৰা হৈছে বুলি এক বিবৃতিৰ যোগে গগৈ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গোলাপ গগৈয়ে জানিবলৈ দিয়ে ৷

বিবৃতিত উল্লেখ কৰামতে দেওবাৰে অনুষ্ঠিত হোৱা গগৈ বংশাৱলী কাৰ্য্যনিৰ্বাহক সভাই গগৈ বংশাৱলীৰ বিভিন্ন সাংগঠনিক দিশৰ লগতে আগুন্তুক  চৰাইদেউ জিলাত অনুষ্ঠিত হ'ব লগা গগৈ বংশাৱলীৰ অধিৱেশনৰ উপৰিও অসম আৰু অৰুণাচলৰ ভাতৃত্ববোধৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়। 

সভাত গগৈ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গোলাপ গগৈ , ধেমাজি জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ গগৈ, ধেমাজি জিলা সমিতিৰ  সম্পাদক গণেশ গগৈ, জোনাই সম জিলাৰ সম্পাদক ৰনজিৎ গগৈ, সভাপতি নকুল গগৈ, যুটীয়া সাংগঠনিক সম্পাদক দ্বয় খগেন গগৈ আৰু বিউটি গগৈকে ধৰি অসম আৰু অৰুণাচনৰ পঞ্চাশৰ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ 

অৰুণাচল প্ৰদেশ