গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

গোগামুখ চহৰৰ মাজমজিয়াত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাটাও সমস্যা সমাধানৰ দাবীত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

author-image
Asomiya Pratidin
New Update
xzxzzxx

গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, গোগামুখঃ গোগামুখ চহৰৰ মাজমজিয়াত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাটাও সমস্যা সমাধানৰ দাবীত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ পুনৰ নিৰ্মাণ, গোগামুখ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক, টেকনিচিয়ান আৰু ২৪ ঘন্টাই জৰুৰী সেৱা উপলদ্ধ কৰা, মাৰাত্মক ড্ৰাগছ, অবৈধ সুৰা আৰু ভাং জাতীয় মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰা, জল-জীৱন মিছন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলি থকা অবাধ দুৰ্নীতি ৰোধৰ লগতে আঁচনি সমূহ সফল ৰূপায়ন, নিয়মীয়া বিদ্যুৎ যোগান, যান-জঁট সমস্যাৰ স্থায়ী সামাধান আৰু নলা - নৰ্দমা  নিৰ্মাণ কৰা আদি দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ। 

Advertisment

প্ৰতিবাদ সাব্যস্ত কৰি গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ধেমাজি জিলা আয়ুক্তলৈ উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই।

aasu aasu protest