ভাগৱতী বুক ষ্টলৰ প্ৰতিষ্ঠাতা, সংবাদ কৰ্মী গোবিন্দ ভাগৱতীৰ মৃত্যু

প্ৰাক্তন সংবাদকৰ্মী, পুথি বিক্ৰেতা , বীৰকুছি নিবাসী জেষ্ঠ নাগৰিক গোবিন্দ ভাগৱতীয়ে আজি পুৱা ৭ বজাত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

author-image
Asomiya Pratidin
New Update
ভাগৱতী বুক ষ্টলৰ প্ৰতিষ্ঠাতা, সংবাদ কৰ্মী গোবিন্দ ভাগৱতীৰ মৃত্যু

ডিজিটেল ডেস্কঃ প্ৰাক্তন সংবাদকৰ্মী, পুথি বিক্ৰেতা , গুৱাহাটী বীৰকুছি নিবাসী জেষ্ঠ নাগৰিক গোবিন্দ ভাগৱতীয়ে আজি পুৱা ৭ বজাত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

Advertisment

বৰভাগৰ কহাঁৰঝাৰ গাঁৱত ১৯৪১ চনত এটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম লাভ কৰা গোবিন্দ ভাগৱতীয়ে জি, এল পাব্লিকেচনৰ অধীনস্থ আমাৰ অসম কাকতৰ বৰ্ণ শুদ্ধিকৰ্তা ৰূপে এক দীঘলীয়া পৰিক্ৰমা অতিবাহিত কৰিছিল। বিশেষকৈ তেওঁ পূবালী আলোচনীৰ দায়িত্বত নিয়োজিত আছিল।

২০০৬ চনত তেওঁ উক্ত পাব্লিকেচনৰ পৰা বিধিসন্মত ভাৱে অৱসৰ গ্ৰহণ কৰে। বৰভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ পিছত কলেজীয়া শিক্ষা নলবাৰী কলেজত সম্পূৰ্ণ কৰে।

কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত স্বাধীন চেতনাৰে সমৃদ্ধ ভাগৱতীয়ে ভাগৱতী বুক ষ্টল নামেৰে এখন আগশাৰীৰ গ্ৰন্থ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। কেবাবছৰো উক্ত প্ৰতিষ্ঠানটোৱে নলবাৰীৰ মজিয়াত এক বৌদ্ধিক আন্দোলনৰ জন্ম দিছিল।

পিছলৈ ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ সংবাদ কৰ্মী ৰূপে জীৱন জীৱিকাৰ সন্ধান কৰে । বিখ্যাত শিৱপুৰাণ সম্পাদনা কৰা, গোমধৰ কোঁৱৰৰ স্ৰষ্টা প্ৰয়াত সুৰেন ভাগৱতীৰ মাজু ভাতৃ আছিল এই ‌গোবিন্দ ভাগৱতী। মৃত্যুৰ সময়ত তেওঁ পত্নী,দুই উচ্চ শিক্ষিত পুত্ৰ, বোৱাৰী আৰু নাতি, নাতিনী এৰি থৈ যায়।

গুৱাহাটী সংবাদকৰ্মী