/asomiyapratidin/media/media_files/2024/11/18/8Xjz2486h1bPBwDmGxVa.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : মাতৃ পূজন, বন্দন আৰু অৰ্চনেৰে বিগত ৩৪ বছৰীয়া ধাৰাবাহিকতা অক্ষুন্ন ৰখা এগৰাকী ব্যক্তি । "মাহীন ঘৰ নহওঁক ,ঘৰহীন 'মা' নহওঁক" বাণীৰে বিগত ২৫৫ সংখ্যক "মা" অনুষ্ঠান অনুষ্ঠিত কৰি অহা শ্ৰদ্ধাশীল ব্যক্তি গোবিন বৰদলৈ (বাবা)য়ে সোমবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰে "মা" অনুষ্ঠান।
সোনাৰী চাপৰিৰ কৃষ্টি ভৱন প্ৰাংগণত অগ্ৰণী সংগঠন "সহযাত্ৰী"ৰ সৌজন্যত সোনাৰী চাপৰি আঞ্চলিক চুতীয়া জাতি সন্মিলন,সদৌ মিচিং ছাত্ৰ সন্থাৰ সোনাৰী চাপৰি আঞ্চলিক সমিতিৰ সহযোগত ৩৪ সংখ্যক বৰ্ষপূৰ্তি আৰু ২৫৫সংখ্যক "মা" অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হয় ।
মানৱ দৰদী ব্যক্তি গোবিন বৰদলৈৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত "গুডউইল" বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এটি শ্ৰুতিমধুৰ বৃন্দ গানেৰে অনুষ্ঠানৰ শুভৰাম্ভ কৰে হয়। অৱশ্যে ইয়াৰ পূৰ্বে ২৫৫ গৰাকী বৃদ্ধা মাতৃক সোনাৰী চাপৰি খেলপথাৰৰ পৰা গায়ন বায়নেৰে বিশাল সমদল কৰি সভাথলীলৈ আদৰি অনা হয়।
সভাৰ প্ৰাৰম্ভতে "সহযাত্ৰী"ৰ সভাপতি মাধৱ চুতীয়াই আদৰণি ভাষণ আগবঢ়াই । ৰাজীৱ তামুলীয়ে পৰিচালনা কৰা "মা" অনুষ্ঠানত মুখ্য অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই আসন অলংকৃত কৰে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ। একেদৰে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা।
এই আটাইকেগৰাকী অভ্যাগত উপস্থিত থাকি মননশীল বক্তব্যৰে সভাৰ সৌষ্ঠৱ দুগুণ বৃদ্ধি কৰে। লগতে ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূত, বগীনদী বাইঠ সমাজৰ চেনিৰাম সোণোৱাল, মজিন সোণোৱাল, মহেন্দ্ৰ সোণোৱাল, সদৌ চুতীয়া যুৱ সন্মিলনৰ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া,ধেমাজি জিলা "আটাছু"ৰ সভাপতি খগেন কোঁৱৰ, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰ ,জ্যেষ্ঠ নাগৰিক টংকেশ্বৰ গোঁহাই, শিক্ষাবিদ যুৱৰাজ ছেত্ৰী , গোবিন পেগু, দেৱজিৎ বৰা আদি উক্ত অনুষ্ঠানত উপস্থিত থাকে ।
জনাকীৰ্ণ সভাত "মা" অনুষ্ঠানৰ প্ৰধান পৃষ্ঠপোষক, সমাজ হিতৈষী ব্যক্তি গোবিন বৰদলৈয়ে শৈশৱ ,কৈশোৰ কালৰ সংঘৰ্ষময় জীৱন চৰ্যা, দাৰিদ্ৰতাই কোঙা কৰা জীৱনৰ লগতে শাৰীৰিক বিষন্নতাক প্ৰচণ্ড মানসিক শক্তিৰে দমন কৰি আগবঢ়োৱা অভিজ্ঞতালব্ধ বেদনাসিক্ত বক্তব্য প্ৰদান কৰে। তেওঁৰ বক্তব্য শুনি উপস্থিত সকলোৱে আৱেগিক হৈ পৰে ।
সভাত " মা" অনুষ্ঠানৰ শ্ৰৱণ কুমাৰ বঁটা ২০২৪ নাৰায়নপুৰৰ চৰাই দলনীৰ সাংস্কৃতিক কৰ্মী দেবেন মহন্তলৈ আগবঢ়োৱা হয়। একেদৰে "মা" আদর্শ পুত্ৰ বঁটা উগ্ৰবাদ আৰু মাদক দ্ৰব্যৰ আসক্তৰ কণ্টকময় জীৱন ত্যাগী আত্মনিৰ্ভৰশীলতাৰ ঈর্ষণীয় যুঁজৰ লগতে শান্তিৰ প্ৰতিষ্ঠাত ব্ৰতী হোৱা দিগন্ত দত্তক প্ৰদান কৰা হয় ।
বঁটাৰ লগত গামোচা, চেলেং চাদৰ, প্ৰশস্তিপত্ৰ , অৰ্থানুদান প্ৰদান কৰা হয় । সভাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানটি জীপাল কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us