মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত এনচিচি কেডাৰ...

মন্দিৰত ভক্তই দান দিয়া এটা ছাগলী চাৰিচকীয়া বাহনত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে চুৰি কৰিবলৈ চেষ্টা চলাওতে ৰাইজে প্ৰত্যক্ষ কৰি চাৰি ছাগলী চোৰক উত্তম-মধ্যম সোধাই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত মঙলবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে মন্দিৰৰ চৌহদত বিচৰণ কৰা এটা ছাগলী চুৰি কৰাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

মন্দিৰত ভক্তই দান দিয়া এটা ছাগলী চাৰিচকীয়া বাহনত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে চুৰি কৰিবলৈ চেষ্টা চলাওতে ৰাইজে প্ৰত্যক্ষ কৰি চাৰি ছাগলী চোৰক উত্তম-মধ্যম সোধাই । লগতে চুৰি কৰিবলৈ অনা এএছ০১বিডি-২৭৬৭ নম্বৰৰ বাহনখন ভাঙি চুৰমাৰ কৰে ।

উল্লেখ্য যে চাৰিওটা ছাগলী চোৰেই এন চি চিৰ কেডাৰ  । ইয়াৰে তিনিগৰাকী নেপালৰ আৰু এগৰাকী বঙাইগাঁৱৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ চোৰকেইটাক আটক কৰে ।

চোৰ