/asomiyapratidin/media/media_files/2024/12/17/L7GiXw2PXC3G90lwM31K.jpg)
ডিজিটেল সংবাদ, হাজোঃ হাজোৰ ৰামদিয়া হীৰাপাৰাত ছাগলী চোৰৰ বাহন পতিত হয় দুৰ্ঘটনাত । ছাগলী চোৰ কৰি বিলাসী বাহন উঠাই দিছিল বাঁহৰ সাঁকোত। পৰৱৰ্তী সময়ত বাঁহৰ সাঁকো ভাগি তলত পৰিছিল ছাগলীৰ সৈতে থকা বেলেন' বাহন খন।
দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS 01 FF2482। উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্থ বাহন এৰি ছাগলী চোৰ পলায়ন কৰে যদিও গাড়ীৰপৰা উদ্ধাৰ কৰা হয় দুটা চুৰি ছাগলী।
খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল ৰামদিয়া আৰক্ষী। সম্প্ৰতি চুৰি ছাগলীকেইটা ৰামদিয়া থানাত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us