গোৱালপাৰাৰ প্ৰতিখন আৰক্ষী থানাত 'শিশু মিত্ৰ কক্ষ' মুকলি...

শিশু মিত্ৰ কোঠা স্থাপন কৰা জিলা হিচাপে ৰাজ্যৰ ভিতৰত গোৱালপাৰা সৰ্ব প্ৰথম জিলা হিচাপে পৰিগণিত
শিশু মিত্ৰ কোঠা
শিশু মিত্ৰ কোঠা

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ প্ৰশংসনীয় পদক্ষেপ। শিশুসকলক এক সুস্থ পৰিৱেশৰ মাজত বন্ধুত্বপূৰ্ণ আচৰণ আৰু নিৰ্ভয়তাৰে নিজৰ অভিমত প্ৰকাশ কৰিবৰ বাবে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাত বিশেষভাৱে গঠন কৰা হৈছে 'শিশু মিত্ৰ কক্ষ' ।

জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিৰ তত্বাৱধানত শিশুৰ বাবে প্ৰযোজ্য বিভিন্ন সা-সুবিধাৰে এক সুস্থ পৰিৱেশ দি প্ৰতিখন আৰক্ষী থানাত নিৰ্মাণ কৰা বিশেষ শিশু মিত্ৰ কোঠাসমূহ ইতিমধ্যেই মুকলি কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপক জিলাখনৰ সচেতন ৰাইজে শলাগ লৈছে।

শিশুসকলৰ বাবে শিশু মিত্ৰ কোঠা নিৰ্মাণ কৰা জিলাখনৰ থানাসমূহ হৈছে গোৱালপাৰা সদৰ আৰক্ষী থানা,মাটিয়া আৰক্ষী থানা,মৰনৈ আৰক্ষী থানা,দুধনৈ আৰক্ষী থানা,কৃষ্ণাই আৰক্ষী থানা,আগিয়া আৰক্ষী থানা,লক্ষীপুৰ আৰক্ষী থানা,পঞ্চৰত্ন নদী আৰক্ষী থানা,ৰংজুলি আৰক্ষী থানা,ধূপধৰা আৰক্ষী থানা,চুনাৰী আৰক্ষী থানা আৰু বগুৱান আৰক্ষী থানা।

প্ৰতিখন আৰক্ষী থানাৰ শিশু মিত্ৰ কক্ষসমূহ পৰিদৰ্শন কৰি শুক্ৰবাৰে সংবাদ মাধ্যমত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, আৰক্ষীক ভয় নখোৱাকৈ এক সুস্থ পৰিৱেশৰ মাজত বন্ধুত্বপূৰ্ণভাৱে নিজৰ মত-অভিমত প্ৰকাশ কৰাটো প্ৰতিজন শিশুৰ অধিকাৰ। সেই উদ্দেশ্য আগত ৰাখিয়েই জিলাখনৰ প্ৰতিখন থানাত নিৰ্মাণ কৰা হৈছে শিশু মিত্ৰ কক্ষ।

প্ৰতিগৰাকী শিশু থানালৈ আহি যাতে আৰক্ষী থানাৰ গতানুগতিক পৰিৱেশৰ বিপৰীত পৰিৱেশ পাব পাৰে তাৰ বাবে বিশেষ কোঠাসমূহৰ বেৰত অংকন কৰা হৈছে ৰং বিৰঙৰ বিভিন্ন কাৰ্টুন,ছবি, ভি ডি অ' গেমকে ধৰি বিভিন্ন খেলৰ সামগ্ৰী। বিশেষভাৱে নিৰ্মিত এই কক্ষসমূহৰ বিৱৰণ দি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, শিশুৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ কেনেকৈ গঢ়ি তুলিব লাগে তাৰ বাবে জিলাখনৰ প্ৰতিখন থানাৰ কৰ্তব্যৰত আৰক্ষী বিষয়া-কণিষ্টবল,বিশেষকৈ মহিলা কণিষ্টবলসকলক ইতিমধ্যেই 'চফ্ট স্কিল'ৰ প্ৰশিক্ষণো দিয়া হৈছে।

থানালৈ অহা প্ৰতিজন শিশুক কৰ্তব্যৰত মহিলা কণিষ্টবলে পুলিচি পোচাক অবিহনে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি থানাৰ চিৰাচৰিত পৰিৱেশৰ বিপৰীতে নিৰ্ভয়ে নিজৰ মত প্ৰকাশ কৰিব পৰাকৈ প্ৰতিখন থানাত এক সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব দিয়ে।

Goalpara
Goalpara

উল্লেখযোগ্য যে,জিলা এখনৰ প্ৰতিখন আৰক্ষী থানাত শিশু মিত্ৰ কোঠা স্থাপন কৰি মুকলি কৰা জিলা হিচাপে ৰাজ্যৰ ভিতৰত গোৱালপাৰা সৰ্ব প্ৰথম জিলা হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in