ডিজিটেল সংবাদ, গোৱালপাৰা : গোৱালপাৰাৰ মাটিয়া-মৰনৈ ঔদ্যোগিক বিকাশ কেন্দ্ৰত সোমবাৰে সংঘটিত হৈছে এক অঘটন। পুৱাৰ ভাগত 'গুলছন পলিউছ লিমিটেড' নামৰ ইথান'ল প্ৰস্তুত কৰা কোম্পানীটোত চাফাইৰ কাম কৰি থকা অৱস্থাত কেঁচামাল উতলোৱা যন্ত্ৰ (বইলাৰ মেচিন)ত সোমাই পৰে এগৰাকী শ্ৰমিক।
ফলত শ্ৰমিকজনৰ বাওঁ হাতখন নিমিষতে শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। পিচত ৰক্তাক্ত শ্ৰমিকজনক উদ্ধাৰ কৰি গোৱালপাৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে শ্ৰমিকজনক নিহত বুলি ঘোষণা কৰে।
নিহত শ্ৰমিকজনক আব্দুল হক বুলি চিনাক্ত কৰা হৈছে। নিহত শ্ৰমিকজনৰ ঘৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত বুলি সূত্ৰ এটাই জানিব দিয়ে যদিও নিহত শ্ৰমিকজনৰ প্ৰকৃত ঘৰ নিশ্চিত কৰিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে গুলছান কোম্পানীকে ধৰি মাটিয়া-মৰনৈ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ একাংশ উদ্যোগ কোম্পানীয়ে অধিক মুনাফাৰ বাবে বিপদজনকভাৱে শ্ৰমিকসকলক কামত নিয়োজিত কৰি আহিছে। যাৰ ফলত শ্ৰমিকসকলৰ জীৱনৰ কোনো নিৰাপত্তা নোহোৱা হৈছে।
ইয়াৰ পৰিণতিত সোমবাৰে এগৰাকী শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছে বুলি গোৱালপাৰাৰ বিশিষ্ট সমাজকৰ্মী ননী দাসে অভিযোগ উত্থাপন কৰিছে। এক বিবৃতিৰ জৰিয়তে তেওঁ আৰু কয় যে ইয়াৰ আগেয়েও ঔদ্যোগিক বিকাশ কেন্দ্ৰত আৰু দুজনমান শ্ৰমিকৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছিল। এই মৰ্মান্তিক ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই তেওঁ মৃত শ্ৰমিকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে ইথান'ল কোম্পানীটোৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱাৰ বাবে দাবী জনায়।