/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/prasant.jpg)
গোৱাত তৃণমূল কংগ্ৰেছে নিজৰ স্থিতি সবল কৰাৰ চেষ্টা কৰি থকাৰ মাজতেই ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পেকৰ এটি কাৰ্যালয়ত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে গাঞ্জা।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰশান্ত কিশোৰৰ কোম্পানীৰ এগৰাকী সদস্যক পোৰবোৰিম চহৰৰ পৰা গ্ৰেপ্তাৰ কৰে।লগতে তেওঁৰ পৰা গাঞ্জাও জব্দ কৰে।
গোৱা আৰক্ষীয়ে শুকুৰবাৰে পোৰবোৰিমৰ কেইবাটাও বাংলোত তালাচী চলাই আৰু তাৰ ভিতৰত ৮ নং বাংলোটি ভাড়ালৈ লৈছিল আই-পেকে। এই তালাচী অভিযানৰ মাজতেই আৰক্ষীয়ে ২৮ বছৰীয়া আই-পেকৰ কৰ্মচাৰী এগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এনডিপিএছৰ অধীনত গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত গোৱাত বিধানসভা নিৰ্বাচনৰ বাবে হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিগত কেইবাবছৰ ধৰি তৃণমূল কংগ্ৰেছৰ ৰণনীতিকাৰ হিচাপে কাম কৰি অহা প্ৰশান্ত কিশোৰে গোৱাত দলৰ কাম ;চোৱা-চিতা কৰি আছে।
নিৰ্বাচনৰ এদিন পূৰ্বে গাঞ্জা উদ্ধাৰ হোৱা কাৰ্যই বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে। ইয়াৰ কিছুদিন পূৰ্বেও প্ৰশান্ত কিশোৰ আৰু তৃণমূল কংগ্ৰেছৰ সম্পৰ্কত ফাঁট মেলাৰ খবৰ পোহৰলৈ আহিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us