Advertisment

ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ...

নাওখনত থকা ১৩জন মাছমৰীয়াৰ ভিতৰত ইতিমধ্যে ১১জন মাছমৰীয়া উদ্ধাৰ হৈছে। বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হৈছিল। ভাৰতীয় নৌসেনাই উক্ত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে গোৱা উপকূলত ভাৰতীয় নৌসেনাৰ এখন চাবমেৰিনে মাছমৰীয়া নাৱত খুন্দিওৱা ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত মাছ ধৰা নাৱখন সাগৰত ডুব যায়। ফলত মাছমৰীয়া নাৱখনৰ চালক দলৰ দুজন লোক সন্ধানহীন হয়। 

Advertisment

নৌসেনাৰ এজন বিষয়াই জনোৱা মতে,নৌসেনাই বহু কষ্টৰ অন্তত ১১ জন মাছমৰীয়াক সোশৰীৰে উদ্ধাৰ কৰে। লগতে সন্ধানহীন লোক দুজনক বিচাৰি নৌসেনাই অভিযান চলাই আছে।

নাওখনত থকা ১৩জন মাছমৰীয়াৰ ভিতৰত ইতিমধ্যে ১১জন মাছমৰীয়া উদ্ধাৰ হৈছে। বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনা  সংঘটিত হৈছিল। ভাৰতীয় নৌসেনাই উক্ত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

অঞ্চলটোত নিৰুদ্দেশ হোৱা মাছমৰীয়াসকলক বিচাৰি উলিয়াবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। নিৰুদ্দেশ হৈ থকা লোক কেইজনৰ সন্ধানত ৬ খন জাহাজে অভিযান অব্যাহত ৰাখিছে।

ভাৰতীয় নৌসেনা