অপ্ৰতিৰোধ্য আপ! গোৱাত আৰম্ভ সততাৰ ৰাজনীতি…

অপ্ৰতিৰোধ্য আপ! গোৱাত আৰম্ভ সততাৰ ৰাজনীতি…

author-image
asomiyapratidin
New Update
অপ্ৰতিৰোধ্য আপ! গোৱাত আৰম্ভ সততাৰ ৰাজনীতি…

ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে হৈ যোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে।  উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মণিপুৰত বিজেপিয়ে অগ্ৰগতি লাভ কৰিলেও পঞ্জাৱত অগ্ৰগতি লাভ কৰিছে আম আদমী পাৰ্টিয়ে। লগতে গোৱাত ২ খনকৈ আসন লাভ কৰিছে আপে ।

Advertisment

গোৱাতো আম আদমী পাৰ্টিৰ প্ৰদৰ্শন ভাল দেখা গৈছে।এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে টুইট কৰি কয় যে গোৱাত দুখন আসনত জয়লাভ কৰিছে আপে। তেওঁ কয় যে ইয়াৰ লগে লগে গোৱাত সততাৰ ৰাজনীতি আৰম্ভ হ'ল।

কেজৰিৱালে টুইট কৰি কয় যে "আম আদমী পাৰ্টিয়ে গোৱাত দুখন আসনত জয়লাভ কৰে। কেপ্ট ভেন্জী আৰু ইআৰ ক্ৰুজক শুভকামনা। গোৱাত সততাৰ ৰাজনীতিৰ আৰাম্ভণী"।


— Arvind Kejriwal (@ArvindKejriwal) March 10, 2022

উল্লেখ্য যে, ২ বজালৈ গোৱাত বিজেপিয়ে ১২ খন আসন, কংগ্ৰেছে ১২ খন, তৃণমূল কংগ্ৰেছে ৪ খন আসনত অগ্ৰগতি লাভ কৰিছিল। উল্লেখ্য যে, গোৱাত ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।

aap goa