সংবাদ জগতত আত্মপ্ৰকাশ "গো ইণ্ডিয়া"নিউজ পৰ্টেলৰ...

সংবাদ জগতত সংযোজিত হ’ল এটি নতুন নিউজ পৰ্টেলৰ । অসমীয়া, হিন্দী, ইংৰাজী আৰু বাংলা ভাষাত প্ৰচাৰৰ লক্ষ্য আগত ৰাখি "গো ইণ্ডিয়া" নামেৰে এটি পৰ্টেল চেনেল মহানগৰীৰ ঘোঁৰামাৰাৰ পৰা আত্মপ্ৰকাশ ঘটে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ সংবাদ জগতত সংযোজিত হ’ল এটি নতুন নিউজ পৰ্টেলৰ । অসমীয়া, হিন্দী, ইংৰাজী আৰু বাংলা ভাষাত প্ৰচাৰৰ লক্ষ্য আগত ৰাখি "গো ইণ্ডিয়া" নামেৰে এটি পৰ্টেল চেনেল মহানগৰীৰ ঘোঁৰামাৰাৰ পৰা আত্মপ্ৰকাশ ঘটে।  

শনিবাৰে আত্মপ্ৰকাশ কৰা ‘’গো ইণ্ডিয়া’’ পৰ্টেল’’ৰ উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে সম্পাদক দ্বীপেন শৰ্মাই । চেনেলটো মুকলি কৰি বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক তথা সাংবাদিক, লেখক দীপক শৰ্মাই কয়-"সপোন দেখিব লাগে। সৰু সৰু সপোন। যি সপোনেৰে সমাজ নিকা আৰু স্বচ্ছ কৰিব পাৰে।" 

অনুষ্ঠানত অথিতি হিচাপে অংশগ্ৰহণ কৰে অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তথা অৱসৰী অভিযন্তা মৃগেন্দ্ৰ ভাগৱতী, অসম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিং, দীপিকা ডেকা, মনোজ শৰ্মা, দীপক কুমাৰ, গিয়াচুদ্দিন বৰভূঞায়ে। অনুষ্ঠানত জনপ্ৰিয় শিল্পী ধৰণী টাৱে অসমীয়া আৰু মিচিং গীত গাই অনুষ্ঠানটি প্ৰাণৱন্ত কৰি তোলে।

পৰ্টেল