ডিজিটেল সংবাদ,গুৱাহাটীঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল জিএনআৰচি দিছপুৰে দেওবাৰে ৩৮ বছৰীয়া জয়ন্তী উদযাপন কৰি ৰাইজৰ স্বাস্থ্যৰ যতনৰ প্ৰতি নিজৰ অদম্য দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া দৈনিক কাকত দৈনিক অগ্রদূতৰ মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক আৰু বুদ্ধিজীৱী শ্রী কনক সেন ডেকা।
ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচি গ্রুপ অৱ হস্পিতালৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্র বৰাই সমাজৰ সকলো শ্ৰেণীৰ বাবে উচ্চমানৰ স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে সংস্থাটোৰ বৈচিত্রময় পদক্ষেপ আৰু অক্লান্ত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। আজিৰ এই শুভ অনুষ্ঠানত শ্রী কনক সেন ডেকাই জিএনআৰচি কেয়াৰছ নামেৰে এক অনন্য আৰু যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ উন্মোচন কৰে।
জিএনআৰচি কেয়াৰছৰ বিষয়ে থোৰতে:
পৰিয়ালৰ আন সদস্যৰ অনুপস্থিতিত স্বাস্থ্যসেৱা সেৱা লাভ কৰাত অসুবিধাৰ সন্মুখীন হোৱা জ্যেষ্ঠ নাগৰিকসকলক বিশেষ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে এই জিএনআৰচি কেয়াৰছ আঁচনি যুগুত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ প্ৰয়োজনীয় চিকিৎসা সেৱা ঘৰতে বা প্রয়োজনবশত জিএনআৰচিত আহি অনায়াসে পোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে আমি আপোনাৰ ঘৰতে যত্ন আৰু সহায় আগবঢ়াই আপোনাৰ স্বাস্থ্য আৰু জীৱনৰ মান উন্নত কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ।
জিএনআৰচি কেয়াৰছৰ মূল বৈশিষ্ট্যসমূহ:
১/ ঘৰতে তেজৰ নমুনা সংগ্ৰহ
২/ মানসিক সমর্থন আৰু সহায়
৩/ ২৪ x ৭ দুর্ঘটনা আৰু জৰুৰীকালীন সেৱা
৪/ স্বাস্থ্য পৰীক্ষাৰ বাবে বিশেষ পেকেজ
৫/ আপিডি আৰু হাস্পতালত ভৰ্তিৰ ক্ষেত্ৰত ঘৰৰ পৰা অনা-নিয়াৰ ব্যৱস্থা
৬) অপিডি, বিভিন্ন পৰীক্ষা-নিৰীক্ষা, হাস্পতালত ভর্তি আৰু অব্যাহতিৰ সময়ত বিশেষ অগ্ৰাধিকাৰ
৭) ঘৰতে ঔষধৰ ডেলিভাৰী
৮/ ফিজিঅ'থেৰাপি সেৱা
৯/ পৰিপুষ্টি আৰু খাদ্যাভাষৰ বিষয়ে বিশেষজ্ঞৰ দ্বাৰা নিৰ্দেশনা
১০) টেলিমেডিচিন সেৱা (পৰৱৰ্তী পৰ্যায়ত উপলব্ধ হ'ব)
১১) পর্টেবল ইচিজি (পৰৱৰ্তী পৰ্যায়ত উপলব্ধ হ'ব)
১২) পৰ্টেবল এক্স ৰে (পৰৱৰ্তী পৰ্যায়ত উপলব্ধ হ'ব)
১৩) মোবাইল চিটি স্কেন (পৰৱৰ্তী পৰ্যায়ত উপলব্ধ হ'ব)
সভাত ভাষণ প্রদান কৰি জিএনআৰচি গ্রুপ অৱ হাস্পতাল আৰু ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই কয়, " স্বাস্থ্যসেৱাই সহানুভুতি আৰু ব্যয়সাধ্যতা দুয়োটাকে যে আকোৱালি ল'ব লাগে তাৰ এক উৎকৃষ্ট উদাহৰণ হ'ল জিএনআৰচি হাস্পতাল। উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰ দ্বাৰা পৰিচালিত হৈ জিএনআৰচিয়ে প্রমাণ হিচাপে থিয় দিছে যে চিকিৎসা সেৱাই গুণগত মান, সহানুভূতি আৰু ব্যয়সাধ্যতাক সামৰি ল'ব পাৰে আৰু সামৰি ল'ব লাগে।
সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি' বিৰিঙোৱাৰ জিএনআৰচিৰ যি লক্ষ্য, সেই অভিমুখে অহর্নিশে আগুৱাই যোৱাৰ ক্ষেত্ৰত জিএনআৰচি পৰিয়ালৰ সমূহ সদস্যবৃন্দ আৰু সংবাদ মাধ্যমক আজিৰ এই শুভ মুহূৰ্তত তেওঁলোকৰ অমূল্য অৱদানৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। সামাজিক বা অর্থনৈতিক স্থিতি নির্বিশেষে সমাজৰ সকলোৰে সেৱা কৰাৰ প্ৰতি আমি প্রতিশ্রুতিবদ্ধ।
আমি বিভিন্ন বিভাগৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদান কৰাৰ লক্ষ্যৰে এই সংগঠনটো নিখুঁতভাৱে গঢ়ি তুলিব চেষ্টা কৰিছো। সকলোৰে বাবে স্বাস্থ্যসেৱা সম্ভৱ কৰি তোলাৰ মোৰ দৃষ্টিভংগীৰ সৈতে মিল থকা নিঃস্বার্থ, সমর্পিত আৰু প্ৰকৃত পেছাদাৰী ব্যক্তিসকলৰ এটা দলৰ সৈতে সহযোগিতা কৰিবলৈ পাই মই নিজকে ব্যতিক্ৰমীভাৱে ভাগ্যৱান বুলি বিবেচনা কৰোঁ।"
আজিৰ এই অনুষ্ঠানত ডাঃ ইনামুল হক আৰু ডাঃ নিপাংক গোস্বামী সর্বাধিক সংখ্যক ৰোগীক সেৱা আগবঢ়োৱাৰ বাবে সম্বর্ধনা আৰু বঁটা প্ৰদান কৰা হয় আৰু ডাঃ মহিৰ উদ্দিনক একাডেমিক এক্সেলেন্স বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে বিভিন্ন আভ্যন্তৰীণ প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্ৰদান কৰা হয়।