/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0b896cae-6478-492b-9d9b-ec85edbf7bc4/pm.jpg)
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্যমিত্ৰ লৈ জি এন আৰ চিৰ বঁটা প্ৰদান অনুষ্ঠান
ডিজিটেল ডেস্কঃ দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যমিত্ৰ লৈ জি এন আৰ চি স্বাস্থ্যখণ্ডৰ উদ্যোগত আয়োজিত কৰা হয় 'জি এন আৰ চি স্বাস্থ্যমিত্ৰ এক্সিলেন্স এৱাৰ্ড' বঁটা প্ৰদান অনুষ্ঠান।
অসমৰ চুকে,কোণে থকা বিভিন্ন ৰোগাক্ৰান্ত ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যে জি এন আৰ চিৰ উদ্যোগত ৬,৫০০ৰো অধিক স্বাস্থ্যমিত্ৰই অসমৰ ভিন্ন প্ৰান্তত ৰোগী আৰু হাস্পতালৰ মাজত এক যোগসূত্ৰ স্থাপন কৰি আহিছে। যি বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ ৰোগীসকলক সহায় কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8afb2133-b8d1-4f9f-a0bc-ec73a7147152/a6f210c9_9719_4742_b5cd_fd1c6806b096.jpg)
তাৰ মাজৰ ১১০০ গৰাকী স্বাস্থ্যমিত্ৰৰ উপস্থিতিত ২০০ গৰাকী স্বাস্থ্যমিত্ৰক জি এন আৰ চি স্বাস্থ্যমিত্ৰ এক্সিলেন্স বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে কামৰূপ,বৰপেটা,বঙাইগাঁও আদি জিলাৰ বহুকেইজন বঁটা প্ৰাপক স্বাস্থ্যমিত্ৰ।
গুৱাহাটী মহানগৰীস্থিত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু সন্মানীয় অতিথিৰ আসন শুৱনি কৰে এন কে টি ভিৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি প্ৰকাশ মহন্তই। প্ৰজ্বলকক সহযোগ কৰে জি এন আৰ চিৰ অধ্যক্ষ তথা চিকিৎসক ডা০ নোমল চন্দ্ৰ বৰা,পৰাগমণি আদিত্য আৰু শতাব্দী বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5e241e49-adea-420a-a1d1-6d1bd0d06895/bd2ec6af_2c8d_4b75_9691_f99d832b0cd4.jpg)
অনুষ্ঠানত জি এন আৰ চিৰ অধ্যক্ষ ডা০ নোমল চন্দ্ৰ বৰাই কয় যে, প্ৰায়ভাগ ৰোগৰে মুখ্য কাৰণ ৰোগৰ বিষয়ে বিশদভাৱে নজনাটো, অস্বাস্থ্যকৰ জীৱন-যাপন তথা প্ৰতিৰোধী চিকিৎসাৰ বিষয়ে অজ্ঞতা। ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে এই কথাসমূহৰ এক সমিধান উলিয়াবলৈ তৃণমূল পৰ্যায়ত স্বাস্থ্যমিত্ৰসকলে ৰূপায়ণ কৰি থকা বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7204cb4c-8000-4780-a9c2-d9bd7c91f0a3/97c9ea31_1f01_49b7_8212_fc0ced72b22f.jpg)
আনহাতে মুখ্য অতিথিৰ ভাষণত প্ৰকাশ মহন্তই ডা০ নোমল চন্দ্ৰ বৰাৰ লগত হোৱা বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰে। লগতে কয় যে, ভাল স্বাস্থ্যৰ বাবে কম খাব লাগে,পৰিশ্ৰম কৰিব লাগে,ভোগ বিলাসত মত্ত থাকিব নালাগে। এই ভাষণতে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই ভাল স্বাস্থ্যৰ বাবে নিজৰ মনটোক সন্তুষ্ট কৰি ৰাখিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। নিজকে সুখী ৰাখিলে হে নানা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিৱেশৰ কথাও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fc7dccf9-abab-468c-a4d6-e5bf1e203e0a/ba44fdfe_033e_4d6b_bd2f_f1f1ef779282.jpg)
বঁটা প্ৰদান অনুষ্ঠানত ডা০ নোমল চন্দ্ৰ বৰা, প্ৰকাশ মহন্ত,পৰাগমণি আদিত্য, কটন কলেজৰ প্ৰাক্তন অধ্যাপিকা জয়শ্ৰী বৰা প্ৰমুখ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্বাস্থ্যমিত্ৰসকলৰ লগতে সাংবাদিকসকলো উপস্থিত থাকে।
আৰু পঢ়কঃ ৰবটে বন্ধ কৰিব পানীৰ অপচয় !