মৃত পুত্ৰৰ কিডনী দানেৰে জীৱন ৰক্ষা কৰিলে দুই ব্যক্তিৰ

সিং উপাধিৰ পৰিয়ালটোৱে নিজৰ ১৮ বছৰীয়া পুত্ৰক চিৰ জীৱনৰ কাৰণ হেৰুৱায় যদিও অকাল মৃত্যুক আকোঁৱালি লোৱা পুত্ৰৰ মৃতদেহৰ দুটা অংগ দুজন ব্যক্তিৰ বাবে দান কৰি পুনৰ জীৱন দিয়ে।

author-image
Asomiya Pratidin
New Update
web ap nagaon (1)

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ এটি পৰিয়ালৰ বদান্যতা। চহৰখনৰ সিং উপাধিৰ পৰিয়ালটোৱে নিজৰ ১৮ বছৰীয়া পুত্ৰক চিৰ জীৱনৰ কাৰণ হেৰুৱায় যদিও অকাল মৃত্যুক আকোঁৱালি লোৱা পুত্ৰৰ মৃতদেহৰ দুটা অংগ দুজন ব্যক্তিৰ বাবে দান কৰি পুনৰ জীৱন দিয়ে।

Advertisment

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা দুজন ব্যক্তিৰ কিডনী বিকল হৈ পৰাত মৃত্যুৰ সৈতে যুঁজি আছিল। ঠিক এইখিনি সময়তে নগাঁও চহৰৰ ১৮ বছৰীয়া যুবকজনৰ অকাল মৃত্যু হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ এটি দলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি সাপেক্ষে সিং উপাধিৰ পৰিয়ালটোক কিশোৰ গৰাকীৰ কিডনী দান দিবলৈ অনুৰোধ জনায়। 

প্ৰথম অৱস্থাত পৰিয়ালটো মান্তি হোৱা নাছিল যদিও পাছত তেওঁলোকে কিশোৰ গৰাকীৰ অংগদান কৰিবলৈ সন্মতি প্ৰদান কৰে। লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে নগাঁৱৰ যুবকজনৰ কিডনী সংগ্ৰহ কৰি সেই মানব দেহৰ অংগ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰাৰ লগতে সোমবাৰে পুৱা চিকিৎসা মহাবিদ্যালয়ত সফল অস্ত্ৰপ্ৰচাৰ কৰি দুজন ব্যক্তিৰ জীৱন দান কৰিবলৈ সক্ষম হয়।

সোমবাৰে পুৱা চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপ্ৰচাৰ সফল হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত দেবাশীষ শৰ্মাক নগাঁৱৰ দূৰ্ভগীয়া পৰিয়ালটোক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত দূৰ্ভগীয়া পৰিয়ালটোক ধন্যবাদ জ্ঞাপন কৰিবলৈ শ্মশানত উপস্থিত হয়হি আয়ুক্তগৰাকী। পৰিয়ালটোৰ বদান্যতাক প্ৰশংসা কৰি জিলা আয়ুক্ত গৰাকীয়ে এনেদৰে এক জাগৰণ সৃষ্টি কৰাৰ বাবে সকলোকে আহ্বান জনোৱাৰ লগতে তেনে কৰিলে আৰু বহু ব্যক্তিক আমাৰ সমাজে জীয়াই ৰাখিবলৈ সক্ষম হ'ব বুলি মন্তব্য আগবঢ়ায়।

 

নগাঁও