/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/03/bhupen-bora-3c0d-e165-4ea3-bc08-d9fcc353c357.jpg)
bhupen bora
ডিজিটেল ডেস্কঃ অকৰ্তৃত্বশীল ভাৱে গৃহ নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে। বৰাৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগৰ পিছতে এক জাননী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে।
ভূপেন বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিতেই গুৱাহাটী পৌৰ নিগমে বৰাৰ গুৱাহাটী মহানগৰীৰ নিৰিবিলি পথত থকা গৃহৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আপত্তিবিহীন পত্ৰ (এন অ’ চি) আৰু এপ্ৰ’ভেল প্লেন দাখিলৰ বাবে নিৰ্দেশ দিছে।
উল্লেখ্য যে ভূপেন বৰাই অকৰ্তৃত্বশীলভাৱে গৃহ নিৰ্মাণৰ অভিযোগ দাখিল কৰিছিল ভেটাপাৰাৰ ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্ট নামৰ দুজন ব্যক্তিয়ে। ইয়াৰ পিছতে জি এম চিয়ে এই জাননী জাৰি কৰিছে।
জাননীখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তিনি দিনৰ ভিতৰত জি এম চিয়ে বিচৰা তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4eccd762-baee-4860-81e2-66e816733372/bhupen_borah_notice.avif)