New Update
/asomiyapratidin/media/media_files/2025/06/05/Mo3oli2R5PiVWqBxG1LV.jpg)
- গুৱাহাটী পৌৰ নিগমৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্রহণ
- পানী সংৰক্ষণ, ভূগৰ্ভস্থ পানী পুনঃভৰ্তিকৰণ, সেউজ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ
- গুৱাহাটী বিল্ডিং বাই-ল’জ-২০১৪, অসম ইউনিফাইড গৃহনিৰ্মাণ বাই-ল’জ ২০২২ অনুসৰি এই ব্যৱস্থা
- সকলো ধৰণৰ বিল্ডিং- আৱাসিক, ব্যৱসায়িক, শিক্ষা, উদ্যোগ আদিৰ ক্ষেত্রত
- বৰষুণৰ পানী সংগ্রহ আৰু ভূগৰ্ভস্থ পানী পুনঃভৰ্তিকৰণৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক
- লগতে কমেও ২০% ভূমি বৃক্ষৰোপণ আৰু সেউজ এলেকাৰ বাবে সংৰক্ষিত ৰাখিব লাগিব
- এই সিদ্ধান্তই গুৱাহাটী মহানগৰত বৰষুণৰ পানী সংৰক্ষণ কৰিব
- সেউজ এলেকাৰ বিস্তাৰ, কৃত্রিম বানপানী ৰোধত সহায়ক হ’ব
- জল সংকটৰ সমাধানৰ ক্ষেত্রত এক ঐতিহাসিক আৰু দিক-নিৰ্ণায়ক হ’ব
- প্রতিগৰাকী বিল্ডিং নিৰ্মাতা, ছ’চাইটি আৰু মাটিৰ মালিকে এই নিয়ম মানি চলাটো বাধ্যতামূলক হ’ব
- ২০ জুন, ২০২৫ৰ পৰা সঠিকভাৱে পালিত হৈছে নে নাই নিৰীক্ষণ কৰিব GMC-এ
- প্রথম পৰ্যায়ত বিল্ডিং নিৰ্মাতাসকলৰ ক্ষেত্রত এই পৰীক্ষা চলিব
- নিয়ম উলংঘা হ’লে DDMA আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব