ভুল কৰিছে জয়ন্ত মল্লইঃ নাৰাজ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

ভুল কৰিছে জয়ন্ত মল্ল বৰুৱাই।  শব্দ আৰু বাক্য ব্যৱহাৰ কৰোতে ভুল কৰিছে জয়ন্ত মল্ল বৰুৱাই। কোনো মানুহ সৰু বা ডাঙৰ হ'ব নোৱাৰে,সকলো সমান। সাংবাদিকক বেয়াকৈ যদি কৈছে

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ ভুল কৰিছে জয়ন্ত মল্ল বৰুৱাই।  শব্দ আৰু বাক্য ব্যৱহাৰ কৰোতে ভুল কৰিছে জয়ন্ত মল্ল বৰুৱাই। কোনো মানুহ সৰু বা ডাঙৰ হ'ব নোৱাৰে,সকলো সমান। সাংবাদিকক বেয়াকৈ যদি কৈছে তেন্তে ক্ষমা খোজক তেওঁ। ময়ো তেওঁক এই আহ্বানেই জনাম।-  সাংবাদিক তুচ্চ-তাচ্চিল্য কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এনেদৰেই সাংবাদিকক ক্ষমা খোজাৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

সাংবাদিকক কৰা দুব্যৱহাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাইও ক্ষমা খুজিলে। তেওঁ ক'লে- জয়ন্ত মল্ল বৰুৱাই যদি ভুল কৰিছে ময়ো ক্ষমা বিচাৰিছো। এইখন সমাজত সকলো সমান। বিশেষকৈ সাংবাদিককসকলক এনেকৈ কোৱাতো উচিত হোৱা নাই।' মুখ্যমন্ত্ৰী ড০ শৰ্মাই হেমকোষক অসমীয়াৰ জাতীয় সম্পদ আখ্যা দি কয় যে- এনেবোৰ কথাক লৈ কেতিয়াও বিৰ্তক হোৱাতো উচিত নহয়।

উল্লেখ কৰা প্ৰয়োজন যে, গীৰগাই বিৰ্তকক লৈ যোৱা ২৭জুন, ২০২৫ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰিছিল। উক্ত সংবাদমেলত সাদিন-প্ৰতিদিন গোষ্ঠীৰ এগৰাকী সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কৈ ঠাট্টা কৰিছিল মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যত সাংবাদিক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। 

হিমন্ত বিশ্ব শৰ্মা