অৰুণাচলৰ নিচামুক্তি কেন্দ্ৰত অসমীয়া যুৱকক বাধ্য কৰিছে গো মাংস খাবলৈঃ এতিয়াও আৱদ্ধ এজন যুৱক

অৰুণাচলৰ Glorious live rehabilitation centre ত অসমৰ নিচা আসক্ত যুৱকক অমানসিক অত্যাচাৰ চলোৱাৰ উপৰিও বলপূৰ্বকভাৱে গো-মাংস ভক্ষণ কৰোৱাৰো অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অৰুণাচলৰ নিচামুক্তি কেন্দ্ৰত অসমীয়া যুৱকক বাধ্য বাধ্য কৰিছে গো মাংস খাবলৈঃ এতিয়াও আৱদ্ধ এজন যুৱক

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ অৰুণাচল প্ৰদেশৰ নামচাই মহাদেপুৰ চিলাদৌ নামৰ ঠাইত অৱস্থিত Glorious live rehabilitation centre ত অসমৰ নিচা আসক্ত যুৱকক ধৰি নি অমানসিক অত্যাচাৰ চলোৱাৰ উপৰিও বলপূৰ্বকভাৱে অসমীয়া হিন্দু যুৱকক গো-মাংস ভক্ষণ কৰোৱাৰো অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি বৰডুমচা মিহলিৰিতু গাঁৱৰ ভাইকণ মৰাণ আৰু সুমণ গোহাঁই নামৰ দুজন যুৱকক অসমৰ পৰা অৰুণাচলৰ প্ৰদেশৰ নামচাই মহাদেপুৰস্থিত চিলাদৌ নিচামুক্তি কেন্দ্ৰত লৈ যায়। 

Advertisment

পিছত পৰিয়ালক খবৰ দি বিনামূলীয়াকৈ যুৱক কেইজনক ভাল কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও যুৱক কেইজন ভাল হোৱাৰ পিছত দাবী ধমকিৰে টকা দাবী কৰাৰ লগতে যুৱক কেইজনকো ঘৰলৈয়ো আহিবলৈ অনুমতি নিদিয়ে। ইয়াৰ উপৰিও যুৱক কেইজনক শাৰিৰীক অমানসিকভাৱে অত্যাচাৰ উপৰিও গো-মাংস ভক্ষণ কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে নিচামুক্তি কেন্দ্ৰটোৰ পৰা ওলাই অহা এজন যুৱকে। 

ইফালে এতিয়াও নিচামুক্তি কেন্দ্ৰতে আবদ্ধ কৰি ৰখা আছে দৰিদ্ৰ পৰিয়ালৰ সন্তান ভাইকণ মৰাণক। তেওঁৰ মাতৃয়ে জনোৱা মতে জনোৱা মতে যুৱক জনক ঘৰলৈ ঘূৰাই আনিবলৈ ধন দিব নোৱাৰাৰ বাবেই আহিবলৈ দিয়া নাই।

সেয়ে তেওঁ কান্দি কান্দি তেওঁৰ সন্তানক ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ইতিমধ্যে নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই অহা এজন যুৱকে মহাদেৱপুৰ আৰক্ষী থানাত নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এনে নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমেও প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

মাৰ্ঘেৰিটা নিচামুক্তি কেন্দ্ৰ