ডিজিটেল ডেস্ক : ইখনৰ পাছত সিখন দেশে প্ৰদান কৰা সন্মানেৰে বিভূষিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। নাইজেৰিয়া, ডমিনিকাৰ পাছত এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত সন্মানিত হ’ল প্ৰধানমন্ত্ৰী মোডী।
যুক্তৰাষ্ট্ৰত বাস কৰা ভাৰতীয় সংখ্যালঘুৰ এটা সংস্থাই মোডীক প্ৰদান কৰিলে গ্ল’বেল পিছ এৱাৰ্ড। শুকুৰবাৰে
মেৰিলেণ্ডৰ স্লিগো চেভেনথ ডে এডভেন্টিষ্ট চাৰ্চত নতুনকৈ গঠিত বেচৰকাৰী সংস্থা এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান আমেৰিকান মাইনোৰিটিজ (এআইএএম) মুকলি কৰা হয়।
এই সংস্থাটিৰ লক্ষ্য হৈছে ভাৰতীয় আমেৰিকান প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত সংখ্যালঘু সম্প্ৰদায়সমূহৰ কল্যাণক একত্ৰিত আৰু প্ৰসাৰ কৰা। সংস্থাটিৰ উদ্বোধনী অনুষ্ঠানৰ এক কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গ্ল'বেল পিছ এৱাৰ্ড'ৰে সন্মানিত কৰা হয়।
অৱশ্যে সন্মান গ্ৰহণৰ অনুষ্ঠানত কায়িকভাৱে উপস্থিত থাকিব নোৱাৰিলে প্ৰধানমন্ত্ৰীগৰাকী। তেওঁৰ অনুপস্থিতিতে এই সন্মান প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ শিখ, খ্ৰীষ্টান, হিন্দু, মুছলমান, ইহুদীক আদি ধৰ্মালম্বী লোকসকলক একত্ৰিত কৰি নতুনকৈ গঠন কৰা হৈছে এ আই এ এম নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটি।