Advertisment

৬৫খন দেশলৈ বৃদ্ধি নিছান ইণ্ডিয়াৰ বাহন ৰপ্তানি...

ভাৰতত বিত্তীয় বৰ্ষ ২৬ৰ শেষলৈকে বছৰি ১ লাখকৈ ঘৰুৱা আৰু ৰপ্তানিৰ পৰিমাণ তিনিগুণ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নিছান ইণ্ডিয়াই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ জাপানৰ অটো কোম্পানী নিছানৰ বাবে ভাৰতে বিশ্বৰ অন্যতম প্ৰধান ৰপ্তানি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, কোম্পানীটোৱে নিজৰ কমপেক্ট এছ ইউ ভি মেগনাইটৰ বাওঁহাতৰ ড্ৰাইভ সংস্কৰণ নতুন দেশলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ বজাৰত ১০ হাজাৰ ইউনিট লেফ্ট-হেণ্ড ড্ৰাইভ (এল এইচ ডি) মেগনাইট শিপিং আৰম্ভ কৰা কোম্পানীটোৱে ইতিমধ্যে দেশৰ বাবে ঘোষণা কৰা লাইনআপৰ উপৰিও ভাৰতত হাইব্ৰিড আৰু চি এন জি বাহন আৰু অধিক মডেলৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে, নিছান ইণ্ডিয়া অপাৰেচনৰ সভাপতি ফ্ৰেংক টৰেছে এক সাক্ষাৎকাৰত এইদৰে উল্লেখ কৰে ।

Advertisment

তেখেতে লগতে কয় যে নিছান আৰু হোণ্ডাই সম্ভাৱ্য একত্ৰীকৰণৰ সন্ধান কৰাৰ সন্দৰ্ভত বিশ্বব্যাপী উন্নয়নে কোম্পানীটোৱে ঘোষণা কৰা নতুন সামগ্ৰীৰ পৰিকল্পনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। য’ত দুটা মধ্যমীয়া আকাৰৰ এছ ইউ ভি মডেল (এটা পাঁচ আসনৰ আৰু এখন সাত আসনৰ) আৰু এখন ইলেক্ট্ৰিক এছ ইউ ভি । ভাৰতত বিত্তীয় বৰ্ষ ২৬ৰ শেষলৈকে বছৰি ১ লাখকৈ ঘৰুৱা আৰু ৰপ্তানিৰ পৰিমাণ তিনিগুণ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নিছান ইণ্ডিয়াই ।

ৰপ্তানি