'ভাৰতৰ সৈতে মিলি আমি বহুদিনৰ পৰা ন্যায় বিচাৰি আহিছো' : আমেৰিকাৰ বিদেশ সচিব

"২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাৰ প্ৰত্যাৱৰ্তন হোৱাত আমি সুখী। আমি ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাত ভূমিকা থকাৰ বাবে তাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলোঁ।

author-image
Asomiya Pratidin
New Update
ভাল লাগিল সেই দিনটো আহিল

ভাল লাগিল সেই দিনটো আহিল

ডিজিটেল ডেস্ক: "২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাৰ প্ৰত্যাৱৰ্তন হোৱাত আমি সুখী। আমি ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাত ভূমিকা থকাৰ বাবে তাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলোঁ। ভাৰতৰ সৈতে মিলি আমি দীৰ্ঘদিন ধৰি ৬ জন আমেৰিকানকে ধৰি ১৬৬ জন লোকৰ বাবে ন্যায় বিচাৰিছো, যিসকল লোকে ২৬/১১ত প্ৰাণ হেৰুৱাইছিল। ভাল লাগিল সেই দিনটো আহিল।" শুকুৰবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰে আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই ।

Advertisment

আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে, "ৰাণাই আক্ৰমণৰ পিছত হেডলীক কৈছিল ভাৰতীয়সকল “ইয়াৰ যোগ্য” আৰু আক্ৰমণৰ সময়ত মৃত্যু হোৱা ৯ জন লস্কৰ-ই-তৈইবা সন্ত্ৰাসবাদীক প্ৰশংসা কৰি তেওঁলোকক পাকিস্তানৰ সৰ্বোচ্চ সামৰিক সন্মান নিশান-ই-হাইদাৰ প্ৰদান কৰা উচিত বুলি মত প্ৰকাশ কৰে।" এই বক্তব্য দুয়োৰে মাজত হোৱা কথা-বতৰাৰ সময়ত বন্দী হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ৰাণা আৰু তেওঁৰ শৈশৱৰ বন্ধু ডেভিদ কলমেন হেডলীয়ে ৰচনা কৰা চক্ৰান্তৰ বাবে সংঘটিত হৈছিল ২৬/১১ৰ ঘটনা, যত প্ৰাণ গৈছিল ১৬৬ জন নিৰীহৰ। অৱশ্যে আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা তাহাউৰ ৰাণাই প্ৰথম নহয়, ২০১৪ চনৰ পৰা এতিয়ালৈ প্ৰায় ডজনৰো অধিকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাইছে মোডী চৰকাৰ। ৰাণাৰ এই প্ৰত্যাৱৰ্তন এক কূটনৈতিক বিজয় আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ সংকল্পৰ উদাহৰণ হিচাপে গণ্য কৰা হৈছে। 

প্ৰধানমন্ত্ৰী মোডী আমেৰিকা